/asomiyapratidin/media/media_files/2025/09/04/assam-boy-2025-09-04-16-37-56.jpg)
ডিজিটেল ডেস্কঃ অসম সন্তান অঞ্জন পাঠকৰ সাফল্য। বিশ্বৰ অন্যতম কঠিন এণ্ডুৰেন্স প্ৰতিযোগিতাৰ আইৰনমেন টেলিন শাখাত অংশ গ্ৰহণ কৰি একেদিনাই সম্পূৰ্ণ প্ৰক্ৰিয়া সম্পন্ন কৰিছে অসম সন্তান অঞ্জন পাঠকে। উল্লেখ কৰা প্ৰয়োজন যে, এই শাখাত সাগৰত ৩.৮ কিলোমিটাৰ সাঁতোৰ, ১৮০ কিলোমিটাৰ চাইকেল চলোৱাৰ লগতে ৪২.২ কিলোমিটাৰ দৌৰ এই সকলোখিনি এনেদিনাই সফলভাৱে সম্পন্ন কৰিছে পাঠকে।
শাৰিৰিক আৰু মানসিক উভয় দিশতে অতিকৈ শক্তিশালী কৰিব পৰা এই খেলবিধত অংশ লোৱা অঞ্জন হৈছে অসমৰ পৰা এইবাৰৰ টেলিন সম্পূৰ্ণ আইৰনমেন সমাপ্ত কৰা একমাত্ৰ অংশগ্ৰহণকাৰী। অঞ্জনৰ এই বিজয় প্ৰথম নহয়। ইয়াৰ পূৰ্বে তেওঁ আঠটা সম্পূৰ্ণ মাৰাথন, দুটা অলিম্পিক-দূৰত্বৰ ট্ৰাইএথলন সম্পূৰ্ণ কৰাৰ লগতে আইৰনমেন ৭০.৩ গোৱাত আইৰনমেন খিতাপ অৰ্জন কৰিছিল অঞ্জনে।
কিন্তু এই শেহতীয়া কৃতিত্বই এক বিশেষ তাৎপৰ্য বহন কৰিছে। অতি অধ্যাৱসায় আৰু কষ্টৰ বলত অঞ্জনে এই সাফল্য অৰ্জন কৰিছে। দিনটোত আঠ ঘণ্টালৈকে অনুশীলন কৰিছিল অঞ্জনে। অসম সন্তান গৰাকীৰ এই কৃতিত্বত সকলোৱে জনাইছে শুভেচ্ছা।