"একলা চলো" নীতিৰে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব ইউপিপিএল দল

কাজলগাঁৱত ইউপিপিএল দলে "একলা চলো" নীতিৰে আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ দিশে আগবঢ়াৰ কথা দাবী কৰে ইউপিপিএল দলৰ এগৰাকী কেন্দ্ৰীয় উপ সভাপতিয়ে।

author-image
Asomiya Pratidin
New Update
546

ডিজিটেল সংবাদ, চিৰাং : বিটিচি পৰিষদীয় নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱা প্ৰমোদ বড়োৰ নেতৃত্বতাধীন ইউপিপিএল দলে আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনত এনডিএ মিত্ৰজোঁটৰ সৈতে মিত্ৰতা ভঙ্গ কৰি অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ'ব নেকি ৰাজনৈতিক মহলত চৰ্চা চলি থকাৰ সময়তে সোমবাৰে চিৰাং জিলাৰ কাজলগাঁৱত ইউপিপিএল দলে "একলা চলো" নীতিৰে আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ দিশে আগবঢ়াৰ কথা দাবী কৰে ইউপিপিএল দলৰ এগৰাকী কেন্দ্ৰীয় উপ সভাপতিয়ে।

ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰমোদ বড়োৰ নেতৃত্বতাধীন ইউ পি পি এল দলে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱা কথা দলৰ মজিয়াত আলোচনা হৈছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে বিটিচিৰ প্ৰাক্তন অধ্যক্ষ তথা ইউপিপিএল দলৰ উপ সভাপতি কাতিৰাম বড়োই। আজি চিৰাং জিলাৰ কাজলগাঁওস্থিত জিলা ইউ পি পি এল দলৰ কাৰ্যালয়ত চিদলী-চিৰাং বিধানসভা ভিত্তিত এখনি গুৰুত্বপূৰ্ণ দলীয় বৈঠক অনুষ্ঠিত হয়।

উক্ত বৈঠকত ইউপিপিএল দলৰ কাৰ্য্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, চিদলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী, প্ৰাক্তন কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, ছাইখং বসুমতাৰী, বিটিচিৰ প্ৰাক্তন অধ্যক্ষ কাতিৰাম বড়ো, প্ৰাক্তন পাৰিষদ মাধৱ ছেত্ৰী সহ দলৰ বহুকেইজন শীৰ্ষ নেতা উপস্থিত আছিল । উল্লেখ্য যে বিটিচি পৰিষদীয় নিৰ্বাচন ইউ পি পি এল দলে শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত আগন্তুক ২০২৬ ত অনুষ্ঠিত হ'ব লগা বিধানসভা নিৰ্বাচনত ইউপিপিএল দলে কি ধৰণৰ ৰণকৌশল অৱলম্বন কৰি প্ৰতিদ্বন্দ্বিতা নামিব মূলতঃ তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আজিৰ বৈঠকত আলোচনা কৰা হয়।  

কাতিৰাম বড়োই আৰু কয় যে ইউপিপিএল দলে ইতিমধ্যেই সমগ্ৰ বিটিচিকে ধৰি ৫ (জোন) ভাগত ভাগ কৰি এককভাৱে আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা দলৰ মজিয়াত আলোচনা কৰা হৈছে । বিটিচি অঞ্চলত ১৫ খন আসনৰ উপৰি বিটিচিৰ বাহিৰতো ইউপিপিএল দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব বুলি মন্তব্য কৰে দলৰ উপ সভাপতি কাতিৰাম বড়োৱে ।

ইপিনে দেওবাৰে নিশা চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত গৰুভাষাত যি চোকা অস্ৰৰে এগৰাকী যুৱকক আক্ৰমণ কৰা হৈছে উক্ত ঘটনাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পাৰিষদ উইলছন হাছদাই কয়- এনেধৰণৰ ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে উক্ত ঘটনাৰ সৈতে জড়িত অপৰাধ সকলক কৰায়ত্ব কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছো। উক্ত আক্ৰমণৰ চিকাৰ হোৱা ছাইমন কিস্কুৰ খা খবৰ লৈ থকা হৈছে আৰু প্ৰয়োজনত ইউপিপিএল দলৰ পৰা তেখেতৰ চিকিৎসাৰ বাবদ সহায় কৰা হ'ব বুলি মন্তব্য কৰে।

তাৰ লগতে উক্ত ঘটনাৰ আৰ লৈ যাতে কোনো দুষ্ট চক্ৰই সমাজত বিষবাস্প ছটিওৱাৰ দৰে দুষ্কাৰ্যত লিপ্ত নহয়, তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ জনতাক আহ্বান জনায় পাৰিষদ উইলছন হাছদাই । আনহাতে কাতিৰাম বড়োই উক্ত ঘটনাৰ নিন্দা কৰাৰ লগতে বিগত কেইমাহত হাগ্ৰামা মহিলাৰীৰ শাসনকালত যোগাত্মক কিছু কাম তেখেতে দেখা নাই তাৰ বিপৰীতে চৌদিশে কেৱল মেলা অনুষ্ঠিত কৰি গৈছে আৰু এই মেলাৰ আঁৰত মুকলি ভাবে চলাই গৈছে কেবল জুৱা ।

যিবোৰ কামে সমাজত নিশ্চিতভাৱে এটা বেয়া প্ৰভাৱ পেলাইছে বুলি মন্তব্য কৰে। চিদলী বিধানসভা সমষ্টিৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ময়ো কালিৰ গৰুভাষাত সংঘটিত হোৱা দুৰ্ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে বৰ্ত্তমানৰ চৰকাৰ খনৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰে ।

ইউপিপিএল