/asomiyapratidin/media/media_files/2025/12/02/new-ap-web-2-32-2025-12-02-13-18-19.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ উত্তৰাখণ্ডৰ ডেহৰাদুনৰ পেৰেড গ্ৰাউণ্ড স্প’ৰ্টছ কমপ্লেক্সত যোৱা ৩০ নৱেম্বৰত ৩৫ সংখ্যক সৰ্ব ভাৰতীয় ফুল কণ্টেক্ট কিয়’কুশ্বিন কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাখনিত গুৱাহাটীৰ কিয়’কুশ্বিন ৱাৰিয়ৰ একাডেমীয়ে বৃহৎ সফলতা লাভ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/02/whatsapp-2025-12-02-13-16-07.jpeg)
প্ৰশিক্ষক অম্বিকা দত্ত আৰু অভিষেক ঠাকুৰৰ তত্ত্বাৱধানত একাডেমীখনৰ মুঠ ১৫ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি সৰ্বমুঠ ২২ টা পদক আজুৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনে।
কুমিটে শাখাত সোণৰ পদক অৰ্জন কৰা খেলুৱৈসকল ক্ৰমে- শ্ৰিয়া দত্ত, স্মৃতিশিখা ৰহাং, মমী ৰাভা, বিকাশ দাস, জুৰাশী দাস।ৰূপৰ পদক লাভ কৰা সকল ক্ৰমে- অনিৰুদ্ধ খটানিয়াৰ, বৰুণ মল্ল বুজাৰ বৰুৱা, ভবোনা হাজৰিকা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/02/pen00235-2025-12-02-13-16-28.jpg)
উল্লেখ্য যে, হৃষিত দত্ত, বেবী ৰহাং, বৰ্ণিত গোস্বামী, কৃষিৱ ভট্টাচাৰ্জী, মনজিৎ ৰায়, ৰুদ্ৰাক্ষী কাশ্যপে উক্ত প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
তাৰোপৰি, কটা শাখাত সোণৰ পদক লাভ কৰে ড° সুনীল মল্ল বুজাৰ বৰুৱা, হৃষিত দত্ত, বেবী ৰহাং, মমী ৰাভা, ৰুদ্ৰাক্ষী কাশ্যপ, জুৰাশী দাস, ভবোনা হাজৰিকা আৰু ৰূপৰ পদক লাভ কৰে স্মৃতিশিখা ৰহাং।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/02/whatsapp-ima-2025-12-02-13-16-47.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us