মহিলা সবলীকৰণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আদৰ্শ ৰাজ্যৰূপে পৰিচিত অসমঃ হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যৰ মহিলাসকলক স্বনিয়োজনেৰে আত্মনিৰ্ভৰ কৰি তুলিবলৈ সকাহ প্ৰদানৰ উদ্দেশ্যে প্ৰথম পৰ্যায়ত ১০ হাজাৰকৈ টকা অসম চৰকাৰে প্ৰদান কৰিছে ....

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, গুৱাহাটীঃ    মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন অসম চৰকাৰে মহিলাসকলক সবলীকৰণ তথা আত্মনিৰ্ভৰ কৰি তোলাৰ উদ্দেশ্যে প্ৰণয়ন কৰা 'মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান' (এমএমইউএ) আঁচনি ৰাজ্যৰ বাহিৰতো চৰ্চিত হৈছে।

ৰাজ্যৰ মহিলাসকলক স্বনিয়োজনেৰে আত্মনিৰ্ভৰ কৰি তুলিবলৈ সকাহ প্ৰদানৰ উদ্দেশ্যে প্ৰথম পৰ্যায়ত ১০ হাজাৰকৈ টকা অসম চৰকাৰে প্ৰদান কৰিছে। উল্লেখ্য, বিহাৰৰ চৰকাৰী বিষয়াসকলে অসম ভ্ৰমণ কৰি এই আঁচনিখনৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ, লাভালাভ আদিৰ বিষয়ে অধ্যয়ন কৰি বিহাৰতো একে ধৰণৰ আঁচনি ৰূপায়ণ কৰিছে।

তদুপৰি, অসমত ২০১৯ চনতেই মুকলি কৰা এক আঁচনিৰ দ্বাৰা অনুপ্ৰাণিত হৈ ২০২৩ চনত মধ্য প্ৰদেশত 'লাড়লী বেহনা' আঁচনি ৰূপায়ণ কৰা হৈছে। মুখ্যমন্ত্ৰী ড° শৰ্মাই গুৱাহাটীৰ গড়লত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি লগতে কয় যে, মহিলা সবলীকৰণৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে এখন আদৰ্শ ৰাজ্য (মডেল ষ্টেট) হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।

হিমন্ত বিশ্ব শৰ্মা