ৰাজ্য চৰকাৰৰ এইসকল কৰ্মচাৰীয়ে লাভ কৰিব বিশেষ ছুটি....

চিৰাং জিলাৰ বিজনীৰ বৰিয়াওগাঁৱৰ ঠেংফাখৰীত অহা ৯ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব বড়ো সাহিত্য সভা।

author-image
Asomiya Pratidin
New Update
FDFDFDFDF

ডিজিটেল ডেস্কঃ চিৰাং জিলাৰ বিজনীৰ বৰিয়াওগাঁৱৰ ঠেংফাখৰীত অহা ৯ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব বড়ো সাহিত্য সভা।৬৫ সংখ্যক বড়ো সাহিত্য সভাক লৈ এতিয়া চিৰাঙত ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে।

ইফালে, বড়ো সাহিত্য সভাত চৰকাৰী প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিবলগীয়া চৰকাৰী কৰ্মচাৰী আৰু শিক্ষকসকলৰ বাবে অসম চৰকাৰে ২০২৬ চনৰ ৯ জানুৱাৰী আৰু ১০ জানুৱাৰীত ছুটীৰ ঘোষণা কৰিছে। এই সন্দৰ্ভত শনিবাৰে জাৰী কৰিছে জাননী। 

WhatsApp Image 2025-12-06 at 10.26.09 PM

ইয়াৰ প্ৰতিলিপি অসমৰ মুখ্য সচিব, আয়ুক্ত, মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু সকলো জিলা আৰু সম-জিলা আয়ুক্তৰ লগতে সমগ্ৰ ৰাজ্যৰ মহকুমা বিষয়া (অসামৰিক)লৈ প্ৰেৰণ কৰা হৈছে। বড়ো সাহিত্য সভাৰ সভাপকি-সম্পাদকলৈও প্ৰেৰণ কৰা হৈছে প্ৰতিলিপি। 

বড়ো সাহিত্য সভা