কাশ্মীৰৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যৰ

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই শুকুৰবাৰে লোকভৱনত অনুষ্ঠিত এক অনুষ্ঠানত কাশ্মীৰ উপত্যকাৰ পৰা অহা ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰে।

author-image
Asomiya Pratidin
New Update
asdadSAx

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ ৰাজ্যপাল  লক্ষ্মণ প্ৰসাদ আচার্যই শুকুৰবাৰে লোকভৱনত অনুষ্ঠিত এক অনুষ্ঠানত কাশ্মীৰ উপত্যকাৰ পৰা অহা ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰে। ১৩ নম্বৰ বেটেলিয়ন, এছ এছ বি, ডিগনিবাল (জে’ এণ্ড কে’)ৰ উদ্যোগত আয়োজিত ‘ভাৰত দৰ্শন’ কাৰ্যসূচীৰ অংশ হিচাপে এই ছাত্ৰ-ছাত্ৰীগৰাকী অসমলৈ আহিছে।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহ—এছ এছ বি, চিআৰপিএফ, বিএছএফ আদি বাহিনীয়ে জম্মু-কাশ্মীৰ আৰক্ষীৰ সহযোগত নাগৰিক কাৰ্যসূচীৰ অধীনত প্ৰতি বছৰে ‘ভাৰত দৰ্শন’ কাৰ্যসূচী আয়োজন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে কাশ্মীৰৰ যুৱ প্ৰজন্মক দেশৰ বিভিন্ন প্ৰধান নগৰ আৰু ঐতিহাসিক-ঐতিহ্যমণ্ডিত স্থান ভ্ৰমণৰ সুযোগ দি ভাৰতৰ সাংস্কৃতিক, ঐতিহাসিক আৰু শৈক্ষিক বৈচিত্ৰ্যৰ সৈতে পৰিচিত কৰোৱা হয়।

WhatsApp Image 2026-01-17 at 6.40.27 PM

ছাত্ৰ-ছাত্ৰীসকলক উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখস্বৰূপ অসমলৈ স্বাগতম জনাই ৰাজ্যপাল শ্ৰী আচার্যই তেওঁলোকৰ উৎসাহ আৰু শিকিবৰ বাবে কৰা আগ্ৰহক প্ৰশংসা কৰে। তেওঁ কয়, যদিও ভৌগোলিকভাৱে কাশ্মীৰ আৰু অসম দূৰত অৱস্থিত, তথাপি সাংস্কৃতিক আৰু মানসিকভাৱে দুয়ো একে ভাৰতৰ অবিচ্ছেদ্য অংগ। এই ভ্ৰমণেই দেশৰ ঐক্যৰ সুদৃঢ় প্ৰতিফলন বুলি ৰাজ্যপাল গৰাকীয়ে মন্তব্য কৰে।

ইফালে, ‘ঐক্যত বৈচিত্ৰ্য’ ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ বুলি উল্লেখ কৰি ৰাজ্যপালে কয় যে, ভাষা, খাদ্যাভ্যাস, পোছাক আৰু পৰম্পৰা ভিন্ন হ’লেও সংবিধান, গণতন্ত্ৰ আৰু অভিন্ন জাতীয় মূল্যবোধে দেশবাসীক একসূত্ৰত বান্ধি ৰাখিছে। ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ কেৱল শ্লোগান নহয়, ই জীৱনধাৰা বুলি উল্লেখ কৰি ভাৰত দৰ্শন কাৰ্যসূচীৰ দৰে উদ্যোগে বিভিন্ন অঞ্চলৰ যুৱসমাজৰ মাজত পৰস্পৰ বুজাবুজি আৰু মানসিক সংযোগ শক্তিশালী কৰে বুলি তেওঁ উল্লেখ কৰে।

WhatsApp Image 2026-01-17 at 6.40.27 PM (1)

আনহাতে, কাশ্মীৰ আৰু অসমৰ মাজত থকা বহুতো সাংস্কৃতিক সাদৃশ্যৰ কথাও ৰাজ্যপালে উল্লেখ কৰে। জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা, শিল্প-সংস্কৃতি, সংগীত আৰু হস্তশিল্পৰ প্ৰতি ভালপোৱা, প্ৰকৃতিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আৰু সামূহিকতাৰ অনুভূতি—এই সকলোবোৰ দুয়ো ৰাজ্যৰ উমৈহতীয়া বৈশিষ্ট্য বুলি তেওঁ কয়। লগতে আধুনিকতাৰ সৈতে সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।

ৰাজ্যপাল গৰাকীয়ে স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰৰ সুৰক্ষা, প্ৰাকৃতিক সম্পদ আৰু জৈৱ-বৈচিত্ৰ্যলৈকে অসমে দেশ গঠনত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ কথাও উল্লেখ কৰে। তেওঁ কয়, অসম সম্প্ৰীতি, সহিষ্ণুতা আৰু দৃঢ়তাৰ এক উজ্জ্বল প্ৰতীক।

যুৱসমাজক দেশৰ বৰ্তমান আৰু ভৱিষ্যৎ বুলি অভিহিত কৰি ৰাজ্যপালে ছাত্ৰ-ছাত্ৰীবোৰক অসম ভ্ৰমণৰ ইতিবাচক অভিজ্ঞতা ঘৰলৈ উভতি গৈ পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে ভাগ-বতৰা কৰিবলৈ আহ্বান জনায়। তেওঁলোকক শান্তি, সম্প্ৰীতি আৰু জাতীয় ঐক্যৰ দূত হিচাপে ভূমিকা ল’বলৈ উৎসাহিত কৰে। শিক্ষা, উদ্ভাৱন, শৃঙ্খলা আৰু দায়িত্ববোধেই দেশ গঠনৰ আধাৰ বুলি তেওঁ মন্তব্য কৰে।

WhatsApp Image 2026-01-17 at 6.40.27 PM (2)

বৰ্তমান ভাৰতত শিক্ষা, দক্ষতা বিকাশ, উদ্যোগিতা, ষ্টাৰ্ট-আপ আৰু ক্ৰীড়াক্ষেত্ৰত যুৱসমাজৰ বাবে অসীম সুযোগ উপলব্ধ বুলি উল্লেখ কৰি ৰাজ্যপালে এই সুযোগসমূহৰ সদ্ব্যৱহাৰ কৰি সপোনক বাস্তৱত পৰিণত কৰিবলৈ আহ্বান জনায়। আত্মনিৰ্ভৰ আৰু আত্মবিশ্বাসী ভাৰত গঢ়াৰ যাত্ৰাত প্ৰতিটো অঞ্চল আৰু প্ৰতিজন যুৱ নাগৰিকৰ সমান ভূমিকা আছে বুলি তেওঁ কয়।

অনুষ্ঠানৰ শেষত ৰাজ্যপালে আশা প্ৰকাশ কৰে যে ভাৰত দৰ্শন ভ্ৰমণে ছাত্ৰ-ছাত্ৰীবোৰৰ মাজত আজীৱন বন্ধুত্বৰ ভেটি স্থাপন কৰিব, জাতীয় ঐক্য অধিক শক্তিশালী কৰিব আৰু তেওঁলোকৰ জীৱনত নতুন উদ্যম আৰু দিশ প্ৰদান কৰিব। ৰাজ্যপাল গৰাকীয়ে সকলোৰে উজ্জ্বল ভৱিষ্যৎ কামনা কৰে। এই অনুষ্ঠানত এছ এছ বি গুৱাহাটী ফ্ৰণ্টিয়াৰৰ ডিআইজি নীৰজ চন্দ্ৰও উপস্থিত আছিল।

ৰাজ্যপাল