বিশ্ব যোগাসন চেম্পিয়নশ্বিপত উজলিল অসম কন্যা

২০২৫ চনৰ ষষ্ঠ যোগাসন ক্ৰীড়া বিশ্বকাপত ছাব-জুনিয়ৰ ব্যক্তিগত পৰম্পৰাগত যোগ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি অসমসৈ সুনাম অৰ্জন কৰিছে এগৰাকী কণমানিয়ে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-17 at 7.30.39 PM

ডিজিটেল ডেস্কঃ ২০২৫ চনৰ ষষ্ঠ যোগাসন ক্ৰীড়া বিশ্বকাপত ছাব-জুনিয়ৰ ব্যক্তিগত পৰম্পৰাগত যোগ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি অসমসৈ সুনাম অৰ্জন কৰিছে এগৰাকী কণমানিয়ে। তেজপুৰৰ মৃত্তিকা মেৰু কটকীয়ে টিম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰি ২০২৫ চনৰ ১৩–১৬ নৱেম্বৰলৈ হাৰিয়ানাৰ কৰ্ণালত অনুষ্ঠিত বিশ্বব্যাপী প্ৰতিযোগিতাত এক অসাধাৰণ প্ৰদৰ্শন আগবঢ়ায়।

উল্লেখ্য যে এই চেম্পিয়নশ্বিপত ভাৰত, জাপান, ইৰাণ, ভিয়েটনাম, ফিনলেণ্ড, হংকং, থাইলেণ্ড, আদি কেইবাখনো দেশৰ পৰা অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। 

আনফালে মৃত্তিকাৰ এই সাফল্যই অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে মৃত্তিকাৰ পৰিয়াল বৰ্গৰ সকলো লোক আনন্দিত হৈ পৰে।   

তেজপুৰ