/asomiyapratidin/media/media_files/2025/10/29/dddddddd-2025-10-29-23-15-10.jpg)
ডিজিটেল ডেস্কঃ অসম ডাউন টাউন বিশ্ববিদ্যালয়ে বিজ্ঞান অনুষদৰ উদ্যোগত আয়োজিত সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে গ্লোবেল হেল্থ এণ্ড বহনক্ষমতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান, প্ৰযুক্তি, উদ্ভাৱন আৰু নীতি সন্মিলন (ICSTIP-2025) সফলতাৰে সমাপ্ত কৰে।
এই অনুষ্ঠানত পোলেণ্ড, ফিলিপাইনছ, মালয়েছিয়া আদি কেইবাখনো দেশৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰ লগতে অসম ডাউন টাউন বিশ্ববিদ্যাল উপাধ্যক্ষ ড° এন এন দত্তই অংশগ্ৰহণ কৰে। মনোমোহা সাংস্কৃতিক পৰিবেশনৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ সাৰমৰ্ম উদযাপন কৰাৰ লগতে কিংবদন্তি শিল্পী শ্ৰীযুত জুবিন গাৰ্গক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
অতিথিসকলে অসম ডাউন টাউন বিশ্ববিদ্যালৰ আতিথ্যৰ বাবে গভীৰ শলাগ লয় আৰু এই শৈক্ষিক অনুষ্ঠানৰ জৰিয়তে বিশ্বব্যাপী সহযোগিতা গঢ়ি তোলাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us