/asomiyapratidin/media/media_files/2026/03/06/jjrjjr-2026-03-06-20-17-43.jpg)
ডিজিটেল ডেস্কঃ অসম ডাউন টাউন বিশ্ববিদ্যালয়ে আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস ২০২৬ৰ উপলক্ষে জীৱনৰ বিভিন্ন ক্ষেত্ৰত নিজৰ পৰিশ্ৰম, সাহস আৰু নেতৃত্বৰ জৰিয়তে সমাজলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা কেইবাগৰাকী অনুপ্ৰেৰণাদায়ক স্বাবলম্বী মহিলা সকলক সন্মান জনায়।
এই অনুষ্ঠানত ৰাজহুৱা সেৱা, উদ্যোগীতা, সমাজ উন্নয়ন, সাহিত্য, সমাজ কল্যাণ আৰু ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰৰ মহিলাসকলক স্বীকৃতি দিয়া হয়। তেওঁলোকৰ অনুপ্ৰেৰণাদায়ক যাত্ৰা আৰু সমাজক শক্তিশালী কৰি তোলাত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাক বিশেষভাৱে আলোকপাত কৰা হয়।
সন্মানিত নাৰীসকলৰ ভিতৰত আছিল শ্ৰীমতী পূৰবী শইকীয়া মহন্ত (মঙলদৈ) – সৃজনশীল উদ্যোগী; শ্ৰীমতী তুলিকা গগৈ স্বৰ্গীয়াৰী (চন্দ্ৰপুৰ) – উদ্যোগী আৰু সমাজ সেৱিকা; শ্ৰীমতী মনিমালা ৰাভা (মৰিগাঁও)– অংগনৱাড়ী কৰ্মী; শ্ৰীমতী বিজয়া দাস (হাটীগাঁও) – পৰিদৰ্শক, অসম আৰক্ষী; শ্ৰীমতী জুমতি কাকতি (মিলনপুৰ)– খাদ্য উদ্যোগী; *শ্ৰীমতী মমি নাথ (মৰিগাঁও)– উদ্যোগী, সমাজকৰ্মী আৰু প্ৰসিদ্ধ অসমীয়া সাহিত্যিকা; আৰু শ্ৰীমতী মিতালী উপাধ্যায় (কালাপাহাৰ, গুৱাহাটী)– মাৰ্শেল আৰ্ট শিল্পী।
এই অনুষ্ঠানৰ জৰিয়তে অসম ডাউন টাউন বিশ্ববিদ্যালয়ে সমাজত ইতিবাচক পৰিৱৰ্তন আনিবলৈ আগবঢ়া আৰু নিজৰ কৃতিত্ব আৰু সেৱাৰ জৰিয়তে আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰা মহিলাসকলক স্বীকৃতি আৰু সমৰ্থন আগবঢ়োৱাৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us