অসম ডন বস্কো বিশ্ববিদ্যালয়ত এমিনেশ্বনৰ পাঠ্যক্ৰম মুকলি

অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগত এই চাৰি বছৰীয়া স্নাতক শৈক্ষিক যাত্ৰাত ভাৰতৰ অন্যতম আগশাৰীৰ এনিমেচন কোম্পানী হাই-টেক এনিমেচনৰ সহযোগত প্ৰস্তুত কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
1 animation

ডিজিটেল সংবাদ,গুৱাহাটীঃ  উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এমিনেশ্বনৰ পাঠ্যক্ৰম মুকলি কৰা হয়। বৃহস্পতিবাৰে সোণাপুৰস্থিত অসম ডনবস্কো বিশ্ববিদ্যালয়ত এই পাঠ্যক্ৰম মুকলি কৰে। বিশ্ববিদ্যালয়ৰ গণমাধ্যম বিভাগৰ তৎপৰতাত মুকলি হোৱা এই পাঠ্যক্ৰমৰ বিষয়ে অৱগত কৰে হাইটেক এমিনেশ্বনৰ মুখ্য কাৰ্যবাহী বিষয়া আশীষ টপাৰ, চেলছ এণ্ড মাৰ্কেটিঙৰ ভিপি চন্দন বোস,অধ্যাপিকা আপ্পনা চৌধুৰীয়ে।

Advertisment

অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগত এই চাৰি বছৰীয়া স্নাতক শৈক্ষিক যাত্ৰাত ভাৰতৰ অন্যতম আগশাৰীৰ এনিমেচন কোম্পানী হাই-টেক এনিমেচনৰ সহযোগত প্ৰস্তুত কৰা হৈছে। যিটো কাৰ্টুন নেটৱৰ্ক, প’গ’, আৰু নিক’ল’ডিয়ানৰ দৰে বিশিষ্ট নেটৱৰ্কৰ সৈতে কাম কৰাৰ বাবে বিখ্যাত।

এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক এনে এক উদ্যোগমুখী শিক্ষা প্ৰদান কৰা যিয়ে শৈক্ষিক প্ৰশিক্ষণ আৰু পেছাদাৰী অনুশীলনৰ মাজৰ ব্যৱধান দূৰ কৰিব। বি.এছ.চি. এনিমেচনত এনিমেচনৰ কলাত্মক আৰু প্ৰযুক্তিগত দুয়োটা মাত্ৰাতে এক বিস্তৃত শিক্ষা প্ৰদান কৰি।

পাঠ্যক্ৰমত 2D আৰু 3D এনিমেচন, গতি গ্রাফিক্স, UI/UX ডিজাইন, আৰু Al-চালিত এনিমেচন সঁজুলিৰ দৰে বহুতো শাখা সামৰি ল'ব। এই শিক্ষাৰ জৰিয়তে বৰ্তমানৰ উদ্যোগৰ মানদণ্ড আৰু মনোৰঞ্জন, সংবাদ মাধ্যম, আৰু টেক খণ্ডৰ বিকশিত ধাৰাসমূহৰ সৈতে ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব।

অসম ডন বস্কো বিশ্ববিদ্যালয়