অসম ডনবস্কো বিশ্ব বিদ্যালয়ৰ ২০২৫-২৬ বৰ্ষৰ বাবে UGC ৰ অনুমোদিত অনলাইন MBA আৰু MCA  প্ৰগ্ৰেম আৰম্ভ

২০২৫-২৬ শৈক্ষিক বৰ্ষৰ পৰা অনলাইন এম বি এ আৰু এম চি এ পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ দূৰত্ব আৰু অনলাইন শিক্ষা কেন্দ্ৰই UGCৰ অনুমোদন লাভ কৰিছে।

author-image
Asomiya Pratidin
New Update
অসম ডনবস্কো বিশ্ব বিদ্যালয়ৰ ২০২৫-২৬ বৰ্ষৰ বাবে UGC ৰ অনুমোদিত অনলাইন MBA & MCA  প্ৰগ্ৰেম আৰম্ভ

ডিজিটেল ডেস্কঃ ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ পৰা অনলাইন মাষ্টাৰ অৱ বিজনেছ এডমিনিষ্ট্ৰেচন (এম বি এ) আৰু মাষ্টাৰ অৱ কম্পিউটাৰ এপ্লিকেচনছ (এম চি এ) পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ দূৰত্ব আৰু অনলাইন শিক্ষা কেন্দ্ৰই ইউ জি চিৰ অনুমোদন লাভ কৰিছে।

ইউ জি চিৰ অনলাইন প্ৰগ্ৰেমছ ৰেগুলেচনছ এক্ট, ২০২০ সম্পূৰ্ণৰূপে মানি চলি এই কাৰ্যসূচীসমূহ আগবঢ়োৱা হৈছে বুলি জানিব দিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। অনলাইন এম বি এৰ পাঠ্যক্ৰমৰ জৰিয়তে উদ্যোগীসকলক বিপণন, বিত্ত, মানৱ সম্পদ আৰু ব্যৱসায়িক বিশ্লেষণৰ দৰে মূল ক্ষেত্ৰসমূহৰ লগতে ভবিষ্যতৰ বাবে সাজু কৰিবলৈ আৰু অনলাইন এম চি এ কাৰ্যসূচীয়ে উন্নত কম্পিউটিং, ছফ্টৱেৰ বিকাশ, তথ্য বিশ্লেষণ, কৃত্ৰিম বুদ্ধিমত্তা আৰু উদীয়মান প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। যাতে স্নাতকসকলে টেক উদ্যোগত উচ্চ চাহিদাৰ ভূমিকাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠে।

দুয়োটা কাৰ্যসূচীয়ে নমনীয় শিক্ষণৰ সৈতে শৈক্ষিক কঠোৰতাক সংযুক্ত কৰিছে। লাইভ অনলাইন ক্লাছ, ইন্টাৰেক্টিভ অধ্যয়ন সামগ্ৰী, ভাৰ্ছুৱেল লেব, আলোচনা মঞ্চ, আৰু মেণ্টৰশ্বিপক একত্ৰিত কৰা হৈছে।

এই পাঠ্যক্ৰমসমূহৰ বাবে নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলে যিকোনো সময়তে, যিকোনো ঠাইতে লাৰ্নিং মেনেজমেণ্ট চিষ্টেম (এল এম এছ)ত প্ৰৱেশ কৰিব পাৰিব। যাৰ ফলত বিভিন্ন পটভূমিৰ পেছাদাৰী, উদ্যোগী আৰু শিক্ষাৰ্থীসকলে স্থানান্তৰিত নোহোৱাকৈ বা চাকৰি এৰি নোযোৱাকৈ মানসম্পন্ন স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰিছে অসম ডনবস্কো বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড০  জোচে পেলেলিয়ে। 

অসম ডন বস্ক’ বিশ্ববিদ্যালয়