/asomiyapratidin/media/media_files/2026/02/22/jdjdkjdkjdkjdkdjkdjkjdjdkjd-2026-02-22-17-13-34.jpg)
নিউজ ডেস্কঃ অসমবাসীৰ বাবে সুখবৰ। শ্ৰীলংকাত আইৰণমেন ৭০.৩ ট্ৰায়াথলন সম্পূৰ্ণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে দীপন মেধিয়ে। ১.৯ কিলোমিটাৰ সাঁতোৰ, ৯০ কিলোমিটাৰ চাইক্লিং আৰু ২১ কিলোমিটাৰ দৌৰ অন্তৰ্ভুক্ত কৰা হয় এই ট্ৰায়াথলনত।
৮ ঘন্টাৰ সময়সীমাৰ ভিতৰত ৫ ঘন্টা ১১ মিনিটতেই আইৰমেন ৭০.৩ সম্পূৰ্ণ কৰে তেওঁ। উল্লেখ্য যে, শ্ৰীলংকাত অনুষ্ঠিত আইৰণমেন ৭০.৩ ট্ৰায়াথলনত ৪৩খনকৈ দেশৰ খেলুৱৈসকলে অংশ লৈছিল। কিন্তু সাগৰীয় প্ৰাণীৰ উপস্থিতিৰ বাবে এইবাৰ সাঁতোৰৰ অংশটো বাতিল কৰা হৈছিল।
এই আন্তৰ্জাতিক ট্ৰায়াথলনত অসমৰ দুগৰাকী খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিছিল। আৰু দীপন মেধিয়ে আইৰণমেন ৭০.৩ সম্পূৰ্ণ কৰে। তেওঁৰ এই সফলতাই সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us