/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/71213_01_coronavirus-vaccine-poised-to-begin-human-trials.jpg)
ডিজিটেল ডেস্কঃ অসমত লাহে লাহে হ্ৰাস পাইছে কোৰোনাৰ প্ৰকোপ। দেওবাৰৰ দিনটোত অসমত নতুনকৈ ১৬৬গৰাকী লোক কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৭৩০গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে। অসমত বৰ্তমান কোৰোনাত আক্ৰান্তৰ সংখ্যা হৈছে মুঠ ২,০৬,৫১৭। উল্লেখ্য যে, বৰ্তমান অসমত ৮,৮০২গৰাকী ৰোগীহে চিকিতসাধীন অৱস্থাত আছে। ইফালে দেওবাৰৰ দিনটোত অসমত কোৰোনাত আক্ৰান্ত হৈ মাত্ৰ এগৰাকী লোকৰ মৃত্যু হৈছে।