/asomiyapratidin/media/media_files/2026/03/06/ujjjdd-2026-03-06-20-37-32.jpg)
ডিজিটেল ডেস্কঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সুনীল ছেত্ৰীয়ে কংগ্ৰেছ দলত যোগদান কৰে। গুৱাহাটীত আজি অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতিজনে ৰোহন লিম্বু, ৰাজেশ ভূঞা, মুকেশ থাপা, বলৰাম ৰায়, সুভাষ লিম্বুকে ধৰি বহুকেইজন সতীৰ্থক লগত লৈ আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰি কয় যে দমন আৰু শোষণৰ বিৰুদ্ধে মাত মাতিবলৈ আমি ওলাই আহিছো।
তেওঁ কয় যে কংগ্ৰেছ দলেহে অসমৰ সকলো জাতি-জনগোষ্ঠীক ন্যায় আৰু স্বাভিমান দিব পাৰিব। যোগদান কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ উপ-সভাপতি প্ৰাণেশ্বৰ বসুমতাৰী, বিধায়ক খলিলুদ্দিন মজুমদাৰকে ধৰি কেবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা-কৰ্মী উপস্থিত থাকে।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি নতুন বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসমৰ গোৰ্খা ৰাইজৰ সহযোগিতা আৰু শুভেচ্ছা অতিকৈ প্ৰয়োজনীয় বুলি উল্লেখ কৰি কয় যে সুনীল ছেত্ৰীৰ যোগদানে শোষণ আৰু দমন নীতিৰ বিৰুদ্ধে এক ডাঙৰ শক্তি হৈ পৰিব।
কংগ্ৰেছ দলে সুনীল ছেত্ৰীক সন্মানসহকাৰে কাম কৰাৰ সুবিধা দিব বুলিও গগৈয়ে কয়। অনুষ্ঠানত এপিচিচিৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, জ্যেষ্ঠ কংগ্ৰেছ নেতা ঋতুপৰ্ণ কোঁৱৰ, শান্তনু বৰা, মেঘনাথ ছেত্ৰী, উদিতভানু দাস, মনোজ গৌতম প্ৰমুখ্যে বহু লোক উপস্থিত থাকে। অনুষ্ঠানটো পৰিচালনা কৰে এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us