অসম সমবায় মৰাপাট কলত বন্ধ হৈ পৰিল নতুন ইউনিটৰ উৎপাদন

সম্প্ৰতি কলিয়াবৰৰ গ্ৰাম্য অৰ্থনীতিত এক বলিষ্ঠ ভূমিকা পালন কৰি অহা অসম সমবায় মৰাপাট কলত অচলাৱস্থাত উদ্বিগ্ন হৈ পৰিছে কলিয়াবৰীয়া সচেতন ৰাইজ ৷

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-06 at 9.23.44 PM

ডিজিটেল সংবাদ,কলিয়াবৰঃ অসম চৰকাৰৰ ভুল নীতি, পৰিচালনা মণ্ডলীৰ একাংশ সদস্যৰ মইমতালি তথা ক্ষমতাৰ অপব্যৱহাৰ, পৰিচালক সঞ্চালকৰ দুৰ্বল প্ৰশাসন ব্যৱস্থা, শ্ৰমিক সংগঠনৰ সুবিধাবাদী স্থিতিৰ পৰিণতিত বন্ধ হৈ পৰিল কলিয়াবৰৰ শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ নতুন ইউনিট। সম্প্ৰতি কলিয়াবৰৰ গ্ৰাম্য অৰ্থনীতিত এক বলিষ্ঠ ভূমিকা পালন কৰি অহা অসম সমবায় মৰাপাট কলত অচলাৱস্থাত উদ্বিগ্ন হৈ পৰিছে কলিয়াবৰীয়া সচেতন ৰাইজ ৷

WhatsApp Image 2025-12-06 at 8.21.38 PM

উল্লেখ্য যে, মৰাপাট যোগনীয়াৰক প্ৰায় ৬ কোটি টকা দিবলৈ বাকী থকা অৱস্থাত হঠাতে নিশাৰ ভিতৰতে মৰাপাট কলৰ পৰা পলায়ন কৰিলে কলটোৰ দ্বিতীয়টো ইউনিট ঠিকভিত্তিক ভাৱে চলাই থকা কলকতাৰ চনু এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ বিষয়া-কৰ্মচাৰীয়ে। যাৰবাবে বিগত চাৰি দিন ধৰি স্তব্ধ শিলঘাটৰ মৰাপাট কলৰ নতুন তথা দ্বিতীয়টো ইউনিট। ফলত তিনি শতাধিক শ্ৰমিক-কৰ্মচাৰীৰ লগতে মৰাপাট যোগনীয়াৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

WhatsApp Image 2025-12-06 at 8.21.41 PM

ৰাইজৰ অভিযোগ অনুসৰি, চৰকাৰ তথা পৰিচালন মণ্ডলীৰ ভুল নীতিৰ পৰিণতিতে হঠাৎ বন্ধ হৈ পৰিল অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট। চাৰিদিন ধৰি বন্ধ মৰাপাট কলটোৰ নতুন ইউনিটটোৰ কাম-কাজ। এতিয়া তলা উলমি আছে মৰাপাট কলটোৰৰ উপ সঞ্চালকৰ দায়িত্ব লৈ নতুন ইউনিটটোৰ কাম পৰিচালনা কৰা কলকতীয়া প্ৰতিষ্ঠান চনু এণ্টাৰপ্ৰাইজৰ বিষয়া শশীপ্ৰকাশ পুৰোহিতৰ কাৰ্যালয়। মৰাপাট যোগনীয়াৰক অনাদায়ী ধন আদায় দিব নোৱাৰি নিশাৰ ভিতৰতে পলায়ন কৰে কলকতীয়া শশীপ্ৰকাশ পুৰোহিত এণ্ড কোম্পানীয়ে।

WhatsApp Image 2025-12-06 at 8.21.40 PM (1)

লক্ষ্যনীয় বিষয় যে,বিগত এসপ্তাহৰ ভিতৰত পৰিচালন মণ্ডলীৰ জৰুৰী সভাত উপস্থিত থাকিও চতুৰ পুৰুহিতে এবাৰো উদ্যোগটোৰ পৰা সন্মুখীন হোৱা অসুবিধা সম্পৰ্কত অবগত নকৰাকৈ অথবা তেঁও চলোৱাত অপাৰগত বুলি উল্লেখ নকৰাকৈ কিয় পলায় গ’ল সেয়া এক ৰহস্যৰ বিষয় ৰূপে চিহ্নিত হৈছে। প্ৰকৃততে কলিকতাৰ অনা অসমীয়া বনিক গোষ্ঠীটোক ন্যস্ত স্বাৰ্থ পূৰণৰ উদ্দেশ্যৰে শশী প্ৰসাদ পুৰোহিতৰ অতি ঘনিষ্ঠ এটা শক্তিশালী সুবিধাবাদী চক্ৰই উদ্যোগটোক শ’লঠেকত পেলোৱাৰ অভিপ্ৰায়েৰে পলুৱাই পঠোৱা বুলি সৰব চৰ্চা চলিছে ৷

WhatsApp Image 2025-12-06 at 8.21.39 PM (2)

উল্লেখযোগ্য যে, দুবছৰ পূৰ্বে ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম আৰু মুখ্যমন্ত্ৰীৰ আৰ্থিক অনুদানৰে স্থাপন কৰা হৈছিল মৰাপাট কলটোৰ দ্বিতীয়টো ইউনিট। কলৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে নতুন ইউনিটটো ঠিকাভিত্তিক ভাৱে অৰ্পন কৰা হৈছিল কলকতাৰ চনু এণ্টাৰপ্ৰাইজ নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোক। বহিৰাগত বনিয়াৰ স্বাৰ্থতে কলত নতুন পদ সৃষ্টি কৰি চনু এণ্টাৰপ্ৰাইজৰ নথিভুক্ত স্বত্তাধিকাৰীৰ স্বামী চতুৰ শশীপ্ৰকাশ পুৰোহিতত আনকি বহুওৱা হৈছিল কলৰ উপ পৰিচালন সঞ্চালকৰ পদত।

কিছুদিন কলৰ নতুন গোটটো কোনোমতে চলোৱাৰ পিছতে মৰাপাট যোগনীয়াৰ দিবলৈ থকা প্ৰায় ৬ কোটি টকাক লৈ নতুন গোটটোত সৃষ্টি হয় আহুকাল। মৰাপাট যোগানৰ বিনিময়ত প্ৰাপ্য ধন আদায় নোপোৱাত যোৱা ২ ডিচেম্বৰত কলটোৰ চৌহদতে বিহপান কৰি আত্মহত্যাৰ চেষ্টা চলাইছিল হাৰাধন চক্ৰৱৰ্তী নামৰ ব্যৱসায়ীজনে।

WhatsApp Image 2025-12-06 at 8.21.39 PM (1)

ইয়াৰ পিছতে নিশাৰ ভিতৰতে চুপাৰভাইজাৰ সহ মূল ১৫ জন কলকতীয়া কৰ্মচাৰীক লগত লৈ পলায়ন কৰে চনু এণ্টাৰপ্ৰাইজৰ বিষয়া তথা কলটোৰ উপ সঞ্চালক সুবিধাবাদী শশীপ্ৰকাশ পুৰোহিত। ইয়াৰ পিছতে এতিয়া হাহাকাৰ লাগিছে মৰাপাট যোগনীয়াৰ সকলৰ মাজত। প্ৰাপ্য ধন আদায় নোপোৱা পৰ্যন্ত নতুনকৈ মৰাপাট যোগান ধৰিবলৈ অপাৰগতা প্ৰকাশ কৰি কল কৰ্তৃপক্ষক অনাদায়ী ধন আদায় দিয়াৰ দাবী কৰিছে মৰাপাট যোগনীয়াৰ সকলে। 

ইয়াৰ বিপৰীতে, মৰাপাট যোগনীয়াৰ অনাদায়ী ধন আদায় দিয়াৰ ক্ষেত্ৰত কল কৰ্তৃপক্ষ দায়বদ্ধ নহয় বুলি স্পষ্ট কৰি দিছে কলটোৰ পৰিচালন সঞ্চালক গুণমনি গগৈয়ে। নতুন ইউনিটটোৰ মৰাপাট ক্ৰয়ৰ পৰা উৎপাদন তথা বিক্ৰীলৈকে সকলো কৰ্তৃত্ব কলকতীয়া প্ৰতিষ্ঠানৰ শশীপ্ৰকাশৰ হাততে ন্যস্ত আছিল বুলি স্পষ্ট কৰি দিছে পৰিচালন সঞ্চালক গৰাকীয়ে।

ইফালে, কলকতীয়া প্ৰতিষ্ঠান চনু এণ্টাৰপ্ৰাইজৰ সমূহ বিষয়া মৰাপাট কল এৰি পলায়ণ কৰাৰ পিছতে চাৰিদিন ধৰি  বন্ধ হৈ আছে অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট। ফলত হঠাতে কাম হেৰুৱাই হাহাকাৰ কৰিব লগা হৈছে নতুন ইউনিটটোৰ প্ৰায় তিনিশ শ্ৰমিক-কৰ্মচাৰী। তাৰ ভিতৰতে এতিয়া উপায়ন্তৰ হৈ পৰিছে ইউনিটটোত কৰ্মৰত দুই শতাধিক মহিলা শ্ৰমিকো। 

WhatsApp Image 2025-12-06 at 8.21.39 PM

উল্লেখ্য যে, ২০২০ চনৰ শেষ ভাগত ব্যাপক লোকচানৰ সন্মুখীন হৈ প্ৰায় ৩ মাহ ধৰি বন্ধ হৈ পৰিছিল প্ৰায় ৯৮ শতাংশ ৰাজ্য চৰকাৰৰ শ্বেয়াৰ থকা মৰাপাট কলটো। ইয়াৰ পিছতে কল পৰিচালন মণ্ডলীৰ অধ্যক্ষ তথা মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম আৰু মুখ্যমন্ত্ৰীৰ আৰ্থিক অনুদানৰে পুনৰ আৰম্ভ হৈছিল কলটোৰ কাম-কাজ।

WhatsApp Image 2025-12-06 at 8.21.40 PM

কিন্তু কল পৰিচালন মণ্ডলীৰ ভুল আৰু অদূৰদৰ্শী সিদ্ধান্তৰ পৰিণতিতে কলকতাৰ চনু এণ্টাৰপ্ৰাইজৰ হাতলৈ গৈছিল কলটোৰ নতুনকৈ স্থাপিত ইউনিটটো। কিন্তু কলটোৰ প্ৰতি ঘোৰ অমানিশা নমাই নিশাটোৰ ভিতৰতে কলকতীয়া প্ৰতিষ্ঠানটোৱে পলায়ণ কৰাত এতিয়া হাহাকাৰ কৰিব লগা হৈছে তিনি শতাধিক শ্ৰকিক-কৰ্মচাৰীৰ লগতে মৰাপাট যোগনীয়াৰ সকলেও।

কলিয়াবৰ