/asomiyapratidin/media/media_files/2026/01/05/1-2026-01-05-20-46-12.jpg)
ডিজিটেল ডেস্কঃ অসমৰ চাহ উদ্যোগৰ ২০০ বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাস উদযাপন আৰু চাহ শ্ৰমিকসকলৰ অৱদানক স্বীকৃতি জনাই ৰাজ্য চৰকাৰে এক বিশেষ কল্যাণমূলক পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি, ৰাজ্যৰ প্ৰায় ৭ লাখ চাহ শ্ৰমিকক এককালীন ভাৱে ৫,০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/05/whatsapp-2026-01-05-20-43-37.jpeg)
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে- অসম চাহৰ ২০০ বছৰীয়া ঐতিহ্যৰ প্রতি সন্মান যাচি আমাৰ চৰকাৰে ইতিমধ্যে কেইবাটাও ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। সেই প্ৰয়াসকে আৰু এখোজ আগুৱাই 'এটি কলি দুটি পাত' আঁচনিৰ জৰিয়তে আমি চাহ বাগিচাৰ সকলো শ্ৰমিক-কৰ্মচাৰীলৈ ৫,০০০ টকাকৈ এককালীন সাহায্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/05/whatsapp-im-2026-01-05-20-44-01.jpeg)
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- এই ঘোষণাই সমগ্ৰ ৰাজ্যৰ হাজাৰ হাজাৰ চাহ শ্ৰমিকক উপকৃত কৰাৰ লগতে তেওঁলোকক আৰ্থিক সকাহ প্ৰদান কৰিব । ইপিনে অসমৰ অৰ্থনীতি আৰু সাংস্কৃতিক পৰিচয়লৈ চাহ জনগোষ্ঠীৰ অৱদানক স্বীকৃতি দিব বুলি আশা কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/05/whatsapp-2026-01-05-20-44-40.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us