/asomiyapratidin/media/media_files/2026/02/02/whatsapp-image-2026-02-02-19-30-19.jpeg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত কিছুদিনৰ পৰা বঙ্গমূলীয় অসমীয়া মুছলমানসকলৰ বিৰুদ্ধে ধাৰাবাহিক বিদ্বেষ আৰু প্ৰৰোচনামূলক বক্তব্য প্ৰকাশ কৰি থকাৰ বিৰুদ্ধে আজি অসম চিভিল ছ’চাইটিৰ পক্ষৰ পৰা সভাপতি হাফিজ ৰছিদ আহমেদ চৌধুৰী, কাৰ্যকৰী সভাপতি অধ্যাপক আব্দুল মান্নান আৰু কাৰ্যনিৰ্বাহক সদস্য আব্দুৰ ৰহিম শিকদাৰে গুৱাহাটীৰ লতাশিল থানাত এখন এজাহাৰ দাখিল কৰে ৷
জানিব পৰা মতে, লতাশিল থানাৰ অ’ চিয়ে জিডিই নং ২৫ তাৰিখ ২/২/২৬ যোগে এজাহাৰখন গ্ৰহণ কৰে ৷ বিভিন্ন বাতৰি কাকতৰ অংশ সহ ১৮ পৃষ্ঠাৰ এজাহাৰৰ সৈতে ভিডিঅ’ ক্লিপৰ এটা পেনড্ৰাইভ দাখিল কৰা হয় ৷ এজাহাৰখনত অভিযোগ কৰা হয় যে, বিগত ২৪, ২৫, ২৬, ২৭, ২৮ আৰু ২৯ জানুৱাৰী, ২০২৬ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুল প্ৰচাৰিত ছপা আৰু ইলেক্ট্ৰনিক সংবাদ মধ্যমৰ সন্মূখত মিঞা বুলি উল্লেখ কৰি এটা বিশেষ জনগোষ্ঠীৰ বিৰুদ্ধে শত্ৰুতা আৰু ঘৃণা বিয়পোৱাৰ উদ্দেশ্যে বঙ্গমূলীয় মুছলমানসকলৰ বিৰুদ্ধে ইচ্ছাকৃতভাৱে সাম্প্ৰদায়িক প্ৰৰোচানমূলক বক্তব্য প্ৰকাশ কৰিছিল ৷
মুখ্যমন্ত্ৰীৰ ঘৃণাসূচক বক্তব্যৰ দ্বাৰা প্ৰৰোচিত হৈ ৰাজ্যৰ বিভিন্ন ঠাইত জনগোষ্ঠীটোৰ বিৰুদ্ধে ইতিমধ্যে ভীতি প্ৰদৰ্শন হাৰাশাস্তি প্ৰদান কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশিত হৈছে ৷ মূখ্যমন্ত্ৰীৰ বক্তব্যই ৰাজহুৱা শান্তি, সাম্প্ৰদায়িক সংহতিক বিঘ্নিত কৰিছে আৰু এয়া ভাৰতীয় ন্যায় সংহিতাৰ ১৯২ ১৯৬, ১৯৭, ২৯৯, ৩০২, ৩৫৩ ধাৰাৰ অধীনত শাস্তি যোগ্য অপৰাধ ৷ ৰাজহুৱা শান্তি, আইন শৃঙ্খলা ৰক্ষাৰ স্বাৰ্থত উচ্চতম ন্যায়ালয়ে ঘৃণাসূচক ভাষণৰ বিৰুদ্ধে দিয়া নিৰ্দেশ অনুসৰি উল্লেখিত ধাৰাসমূহৰ অধীনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰৰ পঞ্জীয়ন কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ এজাহাৰকাৰী সকলে লতাশিল থানাৰ অ’চিক অনুৰোধ জনায়৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us