/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ সন্ত্ৰাসবাদীৰ ঘাটিত পৰিণত হৈছে পাকিস্তান। অক্ষৰধাম, মুম্বাই, উৰি, পুলৱামাকে আদি কৰি ভাৰতৰ বিভিন্ন স্থানত বিভিন্ন সময়ত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ গুৰিতে আছে পাকিস্তানৰ সহায় আৰু সমৰ্থন।
শেহতীয়া কাশ্মীৰৰ পহলগামৰ ওচৰৰ বৈচাৰণত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰতো পাকিস্তানৰ সহযোগিতা আছিল। ভাৰতৰ জনসাধাৰণে পাকিস্তান আৰু দেশখনত ঘাটি পাতি থকা সন্ত্ৰাসবাদীসকলক উচিত শিক্ষা দিয়াৰ দাবী কৰি আহিছিল।
মঙলবাৰে নিশা ভাৰতৰ বায়ু সেনাই পাকিস্তানৰ মাটিত সন্ত্ৰাসবাদীৰ ঘাটিত সফল আক্ৰমণ চলাই ভাৰতৰ জনসাধাৰণৰ ইচ্ছাক সন্মান জনালে। অসম চিভিল চছাইটিয়ে ইয়াৰ বাবে ভাৰত চৰকাৰ আৰু বায়ু সেনাকে ধৰি ভাৰতীয় সৈন্যবাহিনীক অভিনন্দন জনায়। পাকিস্তানৰ শত্ৰুতামূলক আচৰণৰ প্ৰত্যুত্তৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা কাৰ্যক অসম চিভিল চ'ছাইটিয়ে আগলৈকো সমৰ্থন কৰি যাব বুলি আজি এক প্ৰেছ বিজ্ঞপ্তিৰ দ্বাৰা জানিবলৈ দিয়ে।