/asomiyapratidin/media/media_files/2025/11/09/cmmmdd-2025-11-09-21-19-46.jpg)
ডিজিটেল ডেস্কঃ ৯ নৱেম্বৰ, ২০২৫ দেওবাৰৰ অসম চৰকাৰৰ কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বহু বিবাহ বিধেয়কৰ পৰা আদি কৰি ৰাজ্যৰ উদ্যমীসকলক লৈ বহুকেইটা প্ৰকল্প তথা আচঁনিক আজিৰ কেবিনেটে অনুমোদন জনায়।
কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদ মেল সম্বোধন কৰি কেবিনেটৰ মুখ্য সিদ্ধান্ত কেইটা ৰাজহুৱা কৰে। বহু বিবাহৰ বিৰুদ্ধে অসম বিধান সভাত উত্থাপন কৰা হব নতুন বিধেয়ক। অহা ২৫নৱেম্বৰত বিধানসভাত উত্থাপন কৰা হব এই বিধেয়ক। এই বিধেয়কৰ জৰিয়তে কোনো লোকে দ্বিতীয় বা বহু বিবাহ কৰালে ৭বছৰৰ জেইলৰ লগতে ভুক্তভোগী মহিলাগৰাকীক চৰকাৰে প্ৰদান কৰিব অনুদান। জনজাতীয় লোকসকলক এই আইনৰ পৰা বাহিৰত ৰখা হ’ব।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন ৰংমহলত নিৰ্মাণ কৰা হ’ব। ইয়াৰ বাবে ১০০বিঘা মাটি অধিগ্ৰহণ কৰিছে চৰকাৰে। ইয়াৰ বাবে চৰকাৰে প্ৰথম পৰ্যায়ত ৪৭৮.৭৮ লাখ টকা অনুমোদন জনাইছে কেবিনেটে। ২০২৬ৰ জানুৱাৰীত দেশ মুখ্য ন্যায়াধীশে আধাৰশিলা স্থাপন কৰিব এই নতুন ভৱনৰ। তিনিটা পৰ্যায়ত ৰাজ্য চৰকাৰে মুকলি কৰিব পুজিঁ।
বিশ্বকাপ বিজয়ী উমা চেত্ৰীক ২৫লাখ টকাৰ অনুমোদন জনাই আজিৰ কেবিনেটে। কোনোবা এটা নিৰ্দিষ্ট দিনত মাতি আনি এই ধনৰাশি প্ৰদান কৰিব ৰাজ্য চৰকাৰে। দেওবাৰৰ কেবিনেটে আছাম ষ্টাৰ্টআপ ইনভেশ্যন পলিচি-২০২৫ত অনুমোদন জনায়। এই পলিচিখনৰ জৰিয়তে উদ্যমীসকলক ১০লাখ টকাৰ পৰা ১০কোটি টকালৈকে সাহায্য প্ৰদানৰ ব্যৱস্থা ৰাখিছে চৰকাৰে।
আনফালে, চৰাইদেউত স্থাপন হ'ব চ্যুকাফা বিশ্ববিদ্যালয়। ভাৰত চৰকাৰ আৰু আলফাৰ চুক্তিক কেন্দ্ৰ কৰি এই বিশ্ববিদ্যালয় স্থাপন কৰা হব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us