অসম চৰকাৰৰ কেবিনেট বৈঠকঃ বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ...

আজি অসম লোকসেৱা ভৱনত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰাসিদ্ধান্ত সমূহ সংবাদ মেলৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিছে।

author-image
Tushar Pratim
New Update
কেবিনেটৰ সিদ্ধান্ত

কেবিনেটৰ সিদ্ধান্ত

ডিজিটেল ডেস্কঃ আজি অসম লোকসেৱা ভৱনত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্তসমূহ ৰাজহুৱা কৰিছে। 

Advertisment

সেই অনুসৰি অসম চৰকাৰে এটি কলি দুটি পাত আঁচনিৰ ৰূপায়ণৰ বাবে ৩৪২ কোটি টকাৰ বিত্তীয় আবণ্টনত অনুমোদন জনাইছে। এই আঁচনিৰ বাবে যোগ্য বিবেচিত চাহ বাগিচাৰ প্ৰায় ৭ লাখ শ্ৰমিক আৰু কৰ্মচাৰীক ৫০০০ টকাৰ একক কিস্তিত এই পৰিমাণ বিতৰণ কৰা হ’ব।

এডভাণ্টেজ আছাম ২.০ ৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি গুৱাহাটীৰ সৰুসজাইত ৫০০ খন বিচনাযুক্ত মেদান্ত চিকিৎসালয়, ১০০ বিচনাযুক্ত মহিলা আু শিশু চিকিৎসালয় আৰু পঞ্চতাৰকা লেমন ট্ৰী হোটেল নিৰ্মাণৰ বাবে ভূমি আবণ্টনত অনুমোদন জনোৱা হৈছে। 

এই তিনিওটা প্ৰকল্পৰ সন্মিলিত বিনিয়োগ ৮০০ কোটি টকা। এই প্ৰকল্পই স্থানীয় যুৱক-যুৱতীৰ বাবে প্ৰায় ২,৭০০ চাকৰি সৃষ্টি কৰিব বুলিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰিছে। 

মুখ্যমন্ত্ৰীৰ লোক সেৱা আৰোগ্য যোজনাৰ অধীনলৈ এ পি ডি চি এল, এ ই জি চি এল, এ পি জি চি এল আৰু আদৰ্শ বিদ্যালয়ৰ ইচ্ছুক কৰ্মচাৰী আৰু নিৰ্ভৰশীলসকলক অন্তৰ্ভুক্ত কৰিবলৈ অনুমোদন জনাইছে। তাৰোপৰি কেবিনেটে ৰাষ্ট্ৰীয় বিকলাংগতা অধ্যয়ন বিশ্ববিদ্যালয় স্থাপনৰ বাবে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰণালয়ক ভূমি আবণ্টন আৰু প্ৰিমিয়াম ৰেহাইত অনুমোদন জনাইছে। 

আজিৰ কেবিনেটে অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ৩৫৭.২৮ কোটি টকা ব্যয়েৰে শিক্ষক কোৱাৰ্টাৰ আৰু ছাত্ৰাবাস নিৰ্মাণ প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পত অন্তৰ্ভুক্ত থাকিব কৰ্মচাৰী আবাস, হোষ্টেল, ডাইনিং ব্লক, কমিউনিটি হল আদি।

কেবিনেটে মিছন বসুন্ধৰা ৩.০ৰ অধীনত ৰাজ্য চৰকাৰৰ ৩৩৬ আন্তঃগাঁথনিগত প্ৰকল্পলৈ, নিগম, পৰিষদ আদিৰ ৪৫ আন্তঃগাঁথনিগত প্ৰকল্পলৈ, ৩,২৪৭ অ-ব্যক্তিগত ন্যায়িক প্ৰতিষ্ঠান আৰু ২৮ কেন্দ্ৰীয় চৰকাৰৰ বিভাগ আৰু সংস্থাসৈ চৰকাৰী ভূমি আবণ্টনত অনুমোদন প্ৰদান কৰিছে। 

আজিৰ কেবিনেটে হাইড্ৰ’কাৰ্বন অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবেও একাধিক সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে হাইড্ৰ’কাৰ্বন অন্বেষণ আৰু উৎপাদন কাৰ্যকলাপৰ বাবে ভূমি উপলব্ধতাৰ প্ৰক্ৰিয়াটো সুশৃংখল কৰাৰ বাবে কেবিনেটে প্ৰযোজ্য প্ৰিমিয়াম পৰিশোধ সাপেক্ষে  The Assam Regulation of Reclassification and Reclassification cum Transfer of Lands Act,2015ৰ আওঁতাৰ পৰা হাইড্ৰ’কাৰ্বন অন্বেষণ আৰু উৎপাদন কাৰ্যকলাপৰ অধিসূচনা ৰেহাইত অনুমোদন জনাইছে।

প্ৰচলিত বজাৰ হাৰ আৰু প্ৰযোজ্য নিৰ্দেশনা অনুসৰি কোম্পানীসমূহক আলোচনামূলক নিষ্পত্তিৰ জৰিয়তে ভূমি মালিকৰ পৰা পোনপটীয়াকৈ প্ৰয়োজনীয় ভূমি ক্ৰয় বা লীজত লোৱাৰ অনুমতি প্ৰদান কৰা হৈছে।  

ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেট সিদ্ধান্ত অসম চৰকাৰৰ কেবিনেট বৈঠক