Assam Cabinet: বাঢ়িল গাওঁপ্ৰধান, অংগনৱাদী কৰ্মীৰ দৰমহা, উদাসীন ভকতেও পাব ধন...

অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে সিদ্ধান্তসমূহ। নাৰ্চিং হোমৰ ক্ষেত্ৰত কঠোৰ ৰাজ্য চৰকাৰ।

author-image
Tushar Pratim
New Update
Assam Cabinet: বাঢ়িল গাওঁপ্ৰধান, অংগনৱাদী কৰ্মীৰ দৰমহা, উদাসীন ভকতেও পাব ধন...

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ কেবিনেট বৈঠকত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সেই অনুসৰি হোজাইস্থিত ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয়ৰ নামকৰণ নতুনকৈ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 

Advertisment

বিশ্ববিদ্যালয়খনৰ নতুন নাম হ’ব ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে দেশত একে নামৰে দুখন বিশ্ববিদ্যালয় হোৱাৰ বাবে ইউ জি চিয়ে বিশ্ববিদ্যালয়খনৰ নাম সলনি কৰাৰ বাবে অনুৰোধ জনাইছিল। সেই মৰ্মেই বিশ্ববিদ্যালয়খনৰ পূৰ্বৰ ৰবীন্দ্ৰনাথ নামটোৰ সৈতে সংযোজন কৰা হৈছে ঠাকুৰ শব্দটো। সেয়ে এতিয়াৰে পৰা বিশ্ববিদ্যালয়খনৰ নতুন নাম হ’ব ৰবীন্দ্ৰনাঠ ঠাকুৰ বিশ্ববিদ্যালয়।

ইফালে ৰাজ্যৰ যিসমূহ পৌৰ সভাৰ এলেকাত এক লাখতকৈ অধিক জনসংখ্যা আছে সেই পৌৰসভা সমূহত নতুনকৈ পদ সৃষ্টি কৰাৰ সন্দৰ্ভতো আজিৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এক লাখতকৈ অধিক জনসংখ্যা থকা পৌৰসভাত মেকানিকেল, এনভাৰ্মেণ্টেল আৰু চিভিল অভিযন্তাৰ পদ সৃষ্টি কৰা হ’ব। 

হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে গজমিত্ৰ আঁচনিৰ অধীনত গোৱালপাৰা, ওদালগুৰি, বাক্সা, শোণিতপুৰ, আদি জিলাৰ মুঠ ৮০ টা স্থান চিনাক্ত কৰা হৈছে। এই প্ৰতিটো স্থানত ৮ জনকৈ স্থানীয় লোকক লৈ গঠন কৰা হ’ব ৰেপিড এক্সন টীম। 

এই ৰেপিড এক্সন টীমে নিৰ্ধাৰিত স্থানসমূহত বাঁহ, নেপিয়াৰ ঘাঁহ আদি ৰোপণ কৰিব যাতে হাতীৰ খাদ্যৰ অভাৱ দূৰ হয়। তাৰোপৰি ছ’লাৰ ফেঞ্চিং লগোৱাৰো ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

মিছন বসুন্ধৰাৰ অধীনত ৩ হাজাৰৰো অধিক নামঘৰ, মন্দিৰ, বিদ্যালয়ৰ বাবে ভূমি আবণ্টন দিয়াৰ কথাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ জনোৱা মতে অহা ১৪ আগষ্টৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিব। 

আজিৰ কেবিনেটে গাওঁ প্ৰধানসমূহলৈয়ো ভাল খবৰ কঢ়িয়াই আনিছে। অহা ১ অক্টোবৰৰ পৰা গাওঁপ্ৰধানসমূহে ৯ হাজাৰৰ পৰিবৰ্তে ১৪ হাজাৰ টকাকৈ দৰমহা লাভ কৰিব। যিসকল গাওঁপ্ৰধান বা গাওঁবুঢ়া ফৰেষ্ট অঞ্চলত আছে তেওঁলোকৰো দৰমহা বৃদ্ধি কৰা হ’ব।

কেবিনেটে অসমৰ বিভিন্ন সত্ৰত থকা উদাসীন ভকতসকলকো ধন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা ১ অক্টোবৰৰ পৰা এই উদাসীন ভকতসকলে প্ৰতি মাহে লাভ কৰিব ১৫০০ কৈ টকা। শিশু উদাসীন ভকত সকলেও এই সুবিধা লাভ কৰিব।

কেবেনিটে অংগনৱাদী কৰ্মী আৰু সহায়িকাসকলৰো দৰমা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি অসম চৰকাৰে অংগনৱাদী কৰ্মীৰ ক্ষেত্ৰত ১৫০০ আৰু সহায়িকাৰ ক্ষেত্ৰত ৭৫০ টকা বৃদ্ধি কৰিছে। ফলত অহা ১ অক্টোবৰৰ পৰা অংগনৱাদী কৰ্মীৰ দৰমহা ৮০০০ লৈ আৰু সহায়িকাৰ দৰমহা ৪০০০ টকালৈ বৃদ্ধি পাব।

সৰ্থেবাৰীৰ কাঁহ শিল্পৰ সৈতে জড়িতসকলক সকাহ দিয়াৰ উদ্দেশ্যৰে SGST ৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই শিল্পৰ সৈতে জড়িতসকলে যি ৰাজ্যিক জি এছ টি দি আহিছে সেয়া পৰৱৰ্তী সময়ত তেওঁলোকক ঘূৰাই দিয়া হ’ব। 

মুখ্যমন্ত্ৰীয়ে পূৰ্বে ঘোষণা কৰাৰ দৰেই আজিৰ কেবিনেটে মেট্ৰিক শিক্ষাৰ্থীসকলক প্ৰতি মাহে ৩০০ কৈ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মেট্ৰিকৰ প্ৰ-পত্ৰ পূৰণৰ পিছত প্ৰতিমাহে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে ৩০০ কৈ টকা লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা মতে এই ধন তেওঁলোকক কিতাপ, বহী, পুষ্টিকৰ খাদ্য আদিৰ বাবে যোগান ধৰিব চৰকাৰে।

আজিৰ কেবিনেটে নাৰ্চিং হোমৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ হোৱাৰ ইংগিত বহন কৰিছে। নাৰ্চিং হোমৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সেই অনুসৰি টকা নিদিয়াৰ অভিযোগত চাৰি ঘণ্টাতকৈ অধিক সময় কোনো ব্যক্তিৰ মৃতদেহ ৰখাই থ’ব নোৱাৰিব। যদি কোনো নাৰ্চিং হোমে তেনে কাম কৰে তেন্তে ১০৪ নম্বৰত ফোন কৰি অথবা স্থানীয় আৰক্ষীক ফোন কৰি খবৰ দিব পাৰিব। 

আৰক্ষীয়ে সেই মৃতদেহ পৰিয়ালৰ হাতত গতাই দিয়াৰ ব্যৱস্থা কৰিব। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰাৰ মতে এতিয়াৰে পৰা টকাৰ নামত মৃতদেহ বন্ধকত ৰাখিব নোৱাৰিব নাৰ্চিং হোমে। পৰিয়ালৰ পৰা পাবলগীয়া ধন পিছতো আদায় কৰিব পাৰিব নাৰ্চিং হোমে। 

যদিহে কোনো নাৰ্চিং হোমে এনে নিয়ম অনুসৰণ নকৰে তেন্তে ৩ মাহৰ পৰা ৬ মাহ পৰ্যন্ত বাতিল কৰিব অনুজ্ঞাপত্ৰ। ভৰিব লাগিব ৫ লাখ পৰ্যন্ত জৰিমণা। একে কাৰ্য পুনৰাবৃত্তি কৰিলে বন্ধ কৰি দিয়া হ’ব তেন্তে নাৰ্চিং হোম। অহা ১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম। 

কেবিনেট বৈঠক ড০ হিমন্ত বিশ্ব শৰ্মা অসম কেবিনেট