ডিজিটেল ডেস্কঃ শীঘ্ৰে অনুষ্ঠিত হ'ব অসম বিধানসভাৰ উপ-নিৰ্বাচনত বিজয় সাব্যস্ত কৰা বিধায়কসকলৰ শপতগগ্ৰহণ অনুষ্ঠান। ৰাজ্যৰ ৫ বিধানসভা সমষ্টিত বিগত ৩০ অক্টোবৰত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ ফলাফল যোৱা ২ নৱেম্বৰত ঘোষণা কৰা হৈছিল। ইয়াৰ পাছতে ৫ সমষ্টিৰ ভিতৰত ৩ সমষ্টিত বিজেপি আৰু ২ টা সমষ্টিত বিজেপিৰ মিত্ৰদল ইউ পি পি এলৰ প্ৰাৰ্থীয় বিজয় সাব্যস্ত কৰিছিল।
উপ-নিৰ্বাচনত বিজয় সাব্যস্ত কৰা এই বিধায়কসকলে আগন্তুক ১১ নৱেম্বৰত শপত গ্ৰহণ কৰিব। অসম বিধানসভাৰ সদনত অনুষ্ঠিত হ'ব এই ৫ বিধায়কৰ শপতগ্ৰহণ অনুষ্ঠান। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই বিধায়কসকলক শপত বাক্য পাঠ কৰাব।
ক্লিক কৰি পঢ়কঃ ৯৪ বছৰত ভৰি দিলে বিজেপিৰ পিতামহ লাল কৃষ্ণ আদৱানীয়ে…
উল্লেখ্য যে সদ্য ঘোষিত ৫ বিধানসভা সমষ্টিৰ ৫ উপ-নিৰ্বাচনত গোসাইগাওঁ সমষ্টিট ইউ পি পি এলৰ জিৰণ বসুমতাৰী, তামুলপুৰ সমষ্টিত ইউ পি পি এলৰে প্ৰাৰ্থী জোলেন দৈমাৰী, ভৱানীপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী ফণী তালুকদাৰ, মৰিয়নি সমষ্টিত বিজেপিৰ ৰূপজ্যোতি কুৰ্মী আৰু থাওৰা সমষ্টিত বিজেপিৰ সুশান্ত বৰগোঁহাইয়ে বিজয় সাব্যস্ত কৰিছিল।
আনহাতে মাজুলী সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ ৰাজনীতিৰ পৰা কেন্দ্ৰলৈ গৈ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে মাজুলী বিধানসভা সমষ্টিৰ আসন খালী হৈ আছে। এই আসনখনৰ বাবে কেতিয়া উপ-নিৰ্বাচন অনুষ্ঠিত হয় সেই বিষয়ে এতিয়াও চূড়ান্ত হোৱা নাই। ৰাজনৈতিক মহলত চলা চৰ্চা অনুসৰি শীৰ্ঘে অসমত মাজুলীৰ উপৰিও আন সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। বহুকেইজন বিৰোধী বিধায়কে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে। যদি সেইয়াও হয়, তেনে অসমত মাজুলীৰ উপৰিও পুনৰ আন সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাট মুকলি হ'ব।