/asomiyapratidin/media/media_files/2025/08/28/rajib-2025-08-28-10-12-21.jpg)
ডিজিটেল সংবাদ শিলচৰ: সম্প্ৰতি জম্মুত হোৱা বানপানী আৰু ভুমিস্খলনত শ্বহীদ হৈছে অসমৰ এজন বিএছ এফ জোৱান। জম্মু জিলাৰ অখনুৰ এলেকাত কৰ্তব্য পালন কৰাৰ সময়ত বুধবাৰে মৃত্যু হয় কাছাৰ জিলাৰ উদাৰবন্দ থানাৰ অন্তৰ্গত দয়াপুৰৰ ৰাজীব নুনীয়া নামৰ বিএছ এফ কনিষ্টবল জনৰ।
কৰ্তব্যৰ সময়ত এটা WATCH TOWER ভাঙি পৰে বি এছ এফ জোৱান জনৰ ওপৰত আৰু অকালতে মৃত্যুক সাৱটি লব লগীয়া হয়। জানিব পৰা মতে, বি এছ এফত মাত্ৰ দুমাহ পূৰ্বে কষ্টেৰে যোগদান কৰিছিল ৰাজীৱ নুনীয়াই। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত জম্মুত নিয়োজিত হৈছিল আছিল তেওঁ।
বিএছএফৰ ফালৰ পৰা কোৱা হৈছে যে কনিষ্টবল ৰাজীৱ নুনীয়াই "অদম্য সাহস, প্ৰতিশ্ৰুতি আৰু নিষ্ঠা"ৰ সৈতে নিজৰ দায়িত্ব পালন কৰাৰ সময়ত শ্বহীদ হৈছে। এক বিবৃতিত বিএছ এফে কয় যে, * বি এছ এফৰ সাহসী কনিষ্টবল (জি ডি) ৰাজীব নুনীয়াক আমি শ্ৰদ্ধাঞ্জলি জনাইছো। যিয়ে কৰ্তব্যৰ সীমাত সৰ্বোচ্চ ত্যাগক বলিদান দিছিল।”
তেওঁৰ ত্যাগ সদায় মনত ৰখা আৰু সন্মান কৰা হ’ব। বি এছ এফ ৰ DG আৰু সকলো RANK য়ে শ্বহীদ ৰাজীব নুনীয়াৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে। অদম্য সাহস, দায়বদ্ধতা আৰু নিষ্ঠাৰে সৈতে কৰ্তব্য পালন কৰি শ্বহীদ হৈছে তেওঁ।
ইফালে,ৰাজীৱ নুনীয়াৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিচত তেওঁৰ জন্মস্থান কাছাৰৰ দয়াপুৰত শোকৰ ছাঁ নামি আহিছে।
ওচৰ-চুবুৰীয়া আৰু আত্মীয়সকল শোকত ভাগি পৰিছে। শ্বহীদ গৰাকীৰ পিতৃ ৰাজেন্দ্ৰ প্ৰসাদ নুনিয়া আৰু মাতৃ ইন্দিৰা বতী নুনিয়া সহ পৰিয়ালৰ লোক সকল শোকত মৃয়মান হৈ পৰিছে।
উল্লেখ্য যে কেইবাদিন ধৰি হৈ থকা অবিৰত বৰষুণৰ মাজতে জম্মু-কাশ্মীৰে তীব্ৰ বানপানীৰ সৈতে যুঁজি আছে। সকলো নদী বিপদ সীমাৰ ওপৰেৰে বৈ থকা আৰু ভূমিস্খলনৰ ফলত ঘাইপথ সমুহ বন্ধ হৈ পৰিছে জম্মুত । এই বৰষুণ আৰু ভূমিস্খলনত বহু লোকৰ মৃত্যু হৈছে।