কেৰালাত কৰ্মৰত অসমীয়া শ্ৰমিকৰ দুৰ্ঘটনাত মৃত্যু

মঙ্গলবাৰে পুৱা কেৰালাত কৰ্মৰত অৱস্থাতে দুৰ্ঘটনাগ্ৰস্ত হৈ চিচিবৰগাঁৱৰ এজন শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে । 

author-image
Asomiya Pratidin
New Update
HFTESFDGFGR

ডিজিটেল সংবাদ, চিলাপথাৰঃ পুনৰ বহিঃৰাজ্যত মৃত্যুক সাৱটিলে অসমীয়া যুৱকে। মঙ্গলবাৰে পুৱা কেৰালাত কৰ্মৰত অৱস্থাতে দুৰ্ঘটনাগ্ৰস্ত হৈ চিচিবৰগাঁৱৰ এজন শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে । 

ঘটনাৰ বিৱৰণী অনুসৰি, চিচিবৰগাঁৱৰ চকামৰা কৈৱৰ্ত গাঁৱৰ গমন দাসৰ পঁচিশ বছৰীয়া পুত্ৰ বাব্লু দাস নামৰ যুৱকজন কেৰেলাৰ কতেম্ জিলাৰ কাদুৱা কলম নামৰ ঠাইত অৱস্থিত S P Mat company নামৰ প্লাষ্টিক আৰু ৰবৰৰ দলিচা নিৰ্মাণ কাৰখানাত কৰ্মৰত হৈ আছিল । সোমবাৰৰ দিনা নিশাৰ পৰা যুবকজনে ফেক্টৰিৰ নিৰ্মাণ কাৰ্য্যত ব্যস্ত হৈ থকাৰ সময়তে মঙ্গলবাৰে পুৱা প্ৰায় ৫ বজাত মেচিনত কাম কৰি থাকোঁতেই হঠাৎ এখন হাত মেছিনত সোমাই যায়।

চলি থকা মেচিনে হাতখন ভাঙি গুৰি কৰি পেলোৱাৰ লগতে ভিতৰলৈ টানি নিয়ে গোটেই মানুহটোক । ফলত মুৰেৰে সৈতে ডিঙিটো ভাঙি পেলায়। ঘটনাটো দেখাৰ লগে লগে লগৰীয়া শ্ৰমিকসকলে মেচিন বন্ধ কৰি দিয়ে যদিও বাব্লুৰ ঠিতাতে মৃত্যু হয়। 

পিছত ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত কেৰেলা আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। আনহাতে দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে ঘৰখনত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়। বাতৰি লিখাৰ পৰলৈকে বাব্লুৰ মৃতদেহ ঘৰ আহি উপস্থিত হোৱা নাই ।

ইফালে, সৰল সৰবৰহী যুৱকজনৰ এনে আকস্মিক মৃত্যুত ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ অঞ্চলটো। মৃত্যুৰ সময়ত বাব্লুৱে পত্নীসহ এটি তিনি বছৰীয়া কন্যা সন্তান এৰি গৈছে। দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপৰ্জনক্ষম লোকজনৰ মৃত্যুত অন্ধকাৰ হৈ পৰিছে পৰিয়ালটোৰ ভৱিষ্য। পৰিয়ালটোক আৰ্থিক অনুদান আগবঢ়াই সকাহ দিবলৈ চৰকাৰক আহবান জনাইছে স্থানীয় ৰাইজে।

চিলাপথাৰ