গহপুৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক খগেন বৰাক অসম বুক অৱ ৰেকৰ্ডছৰ স্বীকৃতি

ছাত্ৰ-ছাত্ৰীৰ বিদ্যায়তনিক আৰু সহবিদ্যায়তনিক দিশৰ উত্তৰণৰ বাবে কৰ্ম কৰি অসম বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিলে অৱসৰপ্ৰাপ্ত শিক্ষক খগেন বৰাই।

author-image
Asomiya Pratidin
New Update
গহপুৰৰ অৱসৰ প্ৰাপ্ত শিক্ষক খগেন বৰাক অসম বুক অৱ ৰেকৰ্ডছৰ স্বীকৃতি

ডিজিটেল সংবাদ, ছয়দুৱাৰ: শিক্ষকতাৰ দৰে মহান বৃত্তিত নিষ্ঠা সহকাৰে কৰ্তব্য সম্পাদন কৰি অৱসৰ গ্ৰহণ কৰাৰ পাছতো ছাত্ৰ-ছাত্ৰী সকলৰ বিদ্যায়তনিক আৰু সহবিদ্যায়তনিক দিশৰ উত্তৰণৰ বাবে কৰ্ম কৰি অসম বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হ'ল গহপুৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে। ২০১৯ চনত ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা লাভ কৰা গোপালপুৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা গহপুৰ সমজিলাৰ নাহৰণী গাঁৱৰ নিৱাসী খগেন বৰাৰ ব্যতিক্ৰমী কৰ্মৰ বাবে অসম বুক অৱ ৰেকৰ্ডছে প্ৰদান কৰিলে বিশেষ স্বীকৃতি।

উল্লেখ্য যে খগেন বৰাই অৱসৰ গ্ৰহণ কৰাৰ পাছত ২০২৩ চনৰ পৰা একক প্ৰচেষ্টাৰে আৰম্ভ কৰিছিল 'প্ৰতিভাৰ সন্ধানত' শীৰ্ষক অনুষ্ঠানৰ। উক্ত অনুষ্ঠানৰ জৰিয়তে প্ৰথম অৱস্থাত সঁফুৰা বৃত্তি লাভ কৰা ছাত্ৰ-ছাত্ৰী আৰু দ্বিতীয় বৰ্ষত ২৪ খন বিদ্যালয়ৰ সৰ্বোচ্ছ নম্বৰ লাভ কৰা ৪২ জন ছাত্ৰ-ছাত্ৰীক পুৰস্কৃত কৰাৰ ব্যৱস্থা কৰিছিল খগেন বৰাই।  

দেশৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন তথা শিক্ষক দিৱসৰ লগত সংগতি ৰাখি চলিত বৰ্ষত খগেন বৰাই ৫০ খনকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। যোৱা ৬ ছেপ্টেম্বৰত  ৰচনা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা আৰু স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলক পুৰস্কাৰ প্ৰদান কৰা পিছত উক্ত বিষয়টো অসম বুক অৱ ৰেকৰ্ডছৰ দৃষ্টিগোচৰ কৰায় অৱসৰপ্ৰাপ্ত শিক্ষক খগেন বৰাই।

যাৰ ফলস্বৰূপে অসম বুক অৱ ৰেকৰ্ডছৰ গুৱাহাটীস্থিত কাৰ্যালয়ত যোৱা ১৬ ছেপ্টেম্বৰত খগেন বৰাক ধনাত্মক চিন্তাধাৰা আৰু উদগনিমূলক কৰ্মৰ স্বীকৃতি হিচাপে প্ৰশংসা পত্ৰ প্ৰদানেৰে সন্মানিত কৰে। ককিলা শতদল শাখা সাহিত্য সভাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক খগেন বৰাক অসম বুক অৱ ৰেকৰ্ডছো স্বীকৃতি প্ৰদান কৰাত বিভিন্নজনে অভিনন্দন জ্ঞাপন কৰিছে।

গহপুৰ