শীতৰ বিয়লি কবিতাৰ ছন্দৰে উমাল অসম গ্ৰন্থমেলা, মঙলদৈ

ভাষা-সাহিত্য, সংস্কৃতি-ইতিহাস আদি ভিন্ন বিষয়ৰ চৰ্চা, সুধাকণ্ঠ ড° ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি, শিশুৰ দিন উদযাপন আদি কাৰ্যসূচীৰে আকৰ্ষণীয় হৈ পৰিছে অসম গ্ৰন্থমেলা, মঙলদৈ

author-image
Asomiya Pratidin
New Update
483

ডিজিটেল সংবাদ, মঙলদৈ : ভাষা-সাহিত্য, সংস্কৃতি-ইতিহাস আদি ভিন্ন বিষয়ৰ চৰ্চা, সুধাকণ্ঠ ড° ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি, শিশুৰ দিন উদযাপন আদি কাৰ্যসূচীৰে আকৰ্ষণীয় হৈ পৰিছে অসম গ্ৰন্থমেলা, মঙলদৈ ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ইয়াৰ গান্ধী ময়দানত যৌথভাৱে মঙলদৈ প্ৰেছক্লাবৰ সহযোগত আয়োজন কৰা অসম গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত আজি বিয়লি  আয়োজন কৰা হয় এখনি মনোজ্ঞ কবি সন্মিলন ৷

WhatsApp Image 2025-12-17 at 5.55.49 PM

বিয়লি ২-৩০ বজাত এই কবি সন্মিলন সঞ্চালনা কৰি সাহিত্য-সমালোচক, নিবন্ধকাৰ ভাস্কৰজ্যোতি নাথে কয় যে প্ৰত্যেকজন মানুহৰ মাজত একোজন কবি থাকে ৷ কবিতা হৈছে সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ আৱিষ্কাৰ ৷ কবি সকলে কেইটামান শব্দ-বাক্যৰে বিস্তাৰিত ইতিহাস প্ৰকাশ কৰিব পাৰে ৷ এয়ে কবিতাৰ প্ৰাণশক্তি ৷

ভাৰতীয় সভ্যতাও কবিতাৰেই আৰম্ভ হৈছে ৷ এই কবি সন্মিলনত অংশগ্ৰহণ কৰি কবিতা পাঠ কৰে নয়ন শৰ্মা, লুটফুৰ জামান, হিতেশ মেধী, ধীৰেণ শইকীয়া , হৰেন্দ্ৰ ৰাজবংশী, নমিতা চহৰীয়া, নমিতা ডেকা, লিলি বৈশ্য কলিতা, ভবেন্দ্ৰ চন্দ্ৰ ডেকা, ভাস্বতী কলিতা, ভাৰত চন্দ্ৰ বৈশ্য, ডাঃ জয়ন্ত কুমাৰ ডেকা, বিন্দু ৰাজবংশী, প্ৰফুল্ল দেৱ শৰ্মা, বিনয় চলিহাই ৷ ইপিনে ছাত্ৰ-ছাত্ৰীৰ গীত-নৃত্য-অভিনয়েৰে বৰ্ণিল হৈ পৰে সাংস্কৃতিক সন্ধিয়াৰ প্ৰতিযোগিতা ৷

WhatsApp Image 2025-12-17 at 5.55.48 PM

আজি সন্ধিয়াৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে শংকৰদেৱ শিশু নিকেতন, জলজলী, মঙলদৈ,  বিবেকানন্দ কেন্দ্ৰ, মঙলদৈ আৰু নূপুৰ কালচাৰেল একাডেমীয়ে ৷

আজি পুৱা অসম গ্ৰন্থমেলা, মঙলদৈৰ জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী মঞ্চত মঙলদৈ সাহিত্য চ’ৰাৰ উদ্যোগত আয়োজিত হয় “হেমন্ত-শীতৰ সুবাসত সাহিত্যৰ এবেলা” শীৰ্ষক এটি মনোজ্ঞ সাহিত্যানুষ্ঠান ৷ অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে আৰু  সঞ্চালনা কৰে মঙলদৈ সাহিত্য চ’ৰাৰ সভাপতি ভবেন ডেকাই ৷

ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে ড° বিজয় কুমাৰ শৰ্মা, মিৰণ দেৱীয়ে ৷এই অনুষ্ঠানতে উন্মোচিত হয়  মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° লীনা শইকীয়াৰ “মন্‌মীৰ সৈতে বিভিন্ন দিৱসৰ কথা”, সূৰ্য্য শৰ্মাৰ “এবুকু দুখৰ বাবে...” আৰু মকছিদা বেগমৰ “জীৱন ৰাগিনী” শীৰ্ষক গ্ৰন্থ তিনিখন ৷ অনুষ্ঠানটিৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক-লেখক মুকুটৰাজ শৰ্মাই ৷

অসম গ্ৰন্থমেলা