/asomiyapratidin/media/media_files/2025/12/26/whatsapp-image-20-2025-12-26-11-11-53.jpeg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিন। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত অনুষ্ঠিত গ্রন্থমেলাত আজি দিনৰ আঢ়ৈ বজাত জন্ম শতবর্ষ শ্রদ্ধার্ঘ্য শীর্ষক আলোচনা সত্র অনুষ্ঠিত হ'ব।
এই সত্ৰৰ আলোচ্য বিষয়- 'কবি, গীতিকাৰ কেশৱ মহন্তৰ গীত-কবিতাৰ মাধুর্য'। সাহিত্য সমালোচক তথা নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক অৰিন্দম বৰকটকীয়ে এই সত্ৰ সঞ্চালন কৰিব।
কবি-সমালোচক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° এম কামালুদ্দিন আহমেদ আৰু লেখক, সমালোচক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড° প্রাঞ্জল শর্মা বশিষ্ঠই অতিথি আলোচক হিচাপে অনুষ্ঠানত অংশ ল'ব।
সন্ধিয়া পাঁচ বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। গ্রন্থমেলাত দ্বিতীয় দিনা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষৰ লগত সংগতি ৰাখি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ অংশ হিচাপে জুবিন গাৰ্গ সোঁৱৰণী প্রেক্ষাগৃহত ড° ভূপেন হাজৰিকাৰ গীতত সমকালীনতা শীর্ষক আলোচনা সত্র অনুষ্ঠিত হয়।
সত্ৰখন সঞ্চালনা কৰি বিশিষ্ট সাহিত্যিক তথা অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই কয়, যে সমকালীনতাৰ খিড়িকীৰে ড° ভূপেন হাজৰিকাৰ গীতৰ চিৰায়ত বিষয়টো বিচাৰ কৰি চাব পাৰি। তেওঁৰ গীতত সমকালীন বিষয়বস্তু বা সামাজিক ঘটনাক্রম গভীৰভাৱে প্রোথিত হৈ আছে বুলি শ্রী চলিহাই মন্তব্য কৰে।
তেওঁ কয়, যে সমকালীন প্রেক্ষাপটত ড° ভূপেন হাজৰিকাই অসমীয়া জাতিক শুনাই থৈ যোৱা সতর্কবাণী এতিয়া ফলিয়াইছে। ভূপেন হাজৰিকাক তেওঁ ভৱিষ্যদ্রষ্টা শিল্পী বুলি অভিহিত কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি সুধাকণ্ঠৰ সহযোগী বাদ্যশিল্পী কমল কটকীয়ে ড° ভূপেন হাজৰিকাৰ সৃষ্টিয়ে সময় ধৰি ৰাখিছে বুলি মন্তব্য কৰে। একেদৰে সংগীত শিল্পী ৰঞ্জন কুমাৰ বেজবৰুৱাই ড° ভূপেন হাজৰিকাক এগৰাকী দার্শনিক বুলি অভিহিত কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us