অসম গ্ৰন্থমেলা, ধেমাজিলৈ ৰাইজৰ বিপুল সহাৰি...

অসম গ্ৰন্থমেলা, ধেমাজি
অসম গ্ৰন্থমেলা, ধেমাজি

ডিজিটেল সংবাদ ধেমাজি: অসমৰ কালজয়ী উপন্যাসিক ৰজনীকান্ত বৰদলৈৰ বিখ্যাত “মিৰি জীয়ৰী” নামৰ উপন্যাসৰ ঐতিহাসিক-সামাজিক গুৰুত্ব শীৰ্ষক গুৰুত্বপূৰ্ণ আলোচনা সত্ৰই মঙ্গলবাৰে ধেমাজিত আয়োজিত অসম গ্ৰন্থমেলাক অন্য মাত্ৰা প্ৰদান কৰে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত ধেমাজি কাছাৰী ময়দানত আয়োজিত গ্ৰন্থমেলাত এই আলোচনা সত্ৰ সঞ্চালনা কৰে ড° পল্লৱী বুজৰবৰুৱাই ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড° বুজৰবৰুৱাই বিষয় প্ৰসংগত কয়-“এতিয়াৰ এই ধেমাজিয়ে ৰজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰী উপন্যাসৰ পটভূমি ৷ ঘূণাসুঁতিৰ নিভাঁজ সৰল আৰু প্ৰকৃতিনিৰ্ভৰ জন-জীৱনে মিৰি-জীয়ৰীক এক কালজয়ী ঐতিহাসিক মাত্ৰা প্ৰদান কৰিছে ৷

মিচিং জনগোষ্ঠীৰ জন-জীৱনৰ ইতিহাস ইয়াত প্ৰতিফলিত হৈ আছে ৷ ইতিহাস পুনৰ কথন বা পুনৰ আৱিষ্কাৰৰ বাবেও এনে ঐতিহাসিক সাহিত্যৰ দলিলৰ অপৰিসীম গুৰুত্ব আছে ৷ এটা জনশ্ৰুতিমূলক কাহিনীৰ আধাৰত মিৰি জীয়ৰী ৰচনা কৰা ৰজনীকান্ত বৰদলৈয়ে মিচিং জন-জীৱনৰ বিভিন্ন দিশ বিশ্লেষণ কৰিছে ৷ তাতেই মিৰি জীয়ৰীৰ ঐতিহাসিক আৰু সমাজিক গুৰুত্ব জৰিত হৈ আছে ৷”

তেওঁ লগতে কয় যে, ব্ৰিটিছ অহাৰ পাছত ক্ৰমান্বয়ে নতুন সামাজিক পৰিৱেশৰ কথাও মিৰি জীয়ৰীৰ জৰিয়তে প্ৰকাশ কৰিছে ৷ আনকি আৰ্থ-সামাজিক আৰু ব্ৰিটিছৰ আইনী ব্যৱস্থাৰ কথাও ইয়াত সন্নিবিষ্ট হৈছে ৷

ইয়াত আলোচক অতিথিৰূপে অংশ লৈ আনন্দৰাম বৰুৱা ভাষা, কলা আৰু সাংস্কৃতিক কেন্দ্ৰৰ সহযোগী অধ্যাপক ড° ভাস্কৰজ্যোতি শৰ্মাই কয় যে, মিৰি জীয়ৰীত ঐতিহাসিক, সামাজিক আৰু ভাষিক গুৰুত্বও লক্ষ্যণীয় ৷ মিচিং আৰু অসমীয়া ভাষাৰ সংমিশ্ৰণৰে ভাষিক দিশত নতুন চিন্তাৰ বাট মুকলি কৰিছিল ৰজনীকান্ত বৰদলৈয়ে ৷

সেয়েহে মিৰি জীয়ৰীক ভাষা তত্বৰ দিশেৰে বিশ্লেষণ কৰিও মিচিং সমাজৰ ইতিহাসৰ পুনৰ নিৰ্মাণ কৰিব পাৰি ৷ তেওঁ প্ৰচলিত ইতিহাস , সমাজিক ইতিহাস আৰু ৰাজনৈতিক ইতিহাসক একাকাৰ কৰি মিৰি জীয়ৰী ৰচনা কৰিছিল ৷

তেতিয়াৰ মিচিং সমাজৰ সৈতে অসমীয়া সমাজক পৰিচিত কৰিবলৈ বা এখন বৃহত্তৰ সমাজ নিৰ্মাণৰ বাট মুকলি কৰিবলৈ মিশ্ৰিত ভাষাৰ ব্যৱহাৰ কৰিছিল ৷ এইবোৰ দিশে মিৰি জীয়ৰীৰ ঐতিহাসিক আৰু সামাজিক গুৰুত্ব বঢ়াইছে ৷

আন এগৰাকী আলোচক আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড° সদানন্দ পায়েঙে কয়-“মিৰি জীয়ৰী ৰচনাৰ সময়ত মিচিং সমাজত শিক্ষা-দীক্ষাৰ পোহৰ পৰাই নাছিল ৷ ৰজনীকান্ত বৰদলৈয়ে সেই সমাজখনকে মিৰি জীয়ৰীত প্ৰতিফলিত কৰি কাৰ্যত প্ৰাচীৰ ভঙাৰ সাহস কৰিছিল ৷

জনগোষ্ঠীয় সমাজৰ প্ৰতি সন্মান প্ৰকাশ কৰি তেওঁ এই উপন্যাসৰ সামাজিক গুৰুত্ব প্ৰতিপন্ন কৰিছে ৷ এটা প্ৰেম কাহিনীৰ মাজেৰে এখন অৱহেলিত সমাজৰ ক্ষোভ , দুখ-দুৰ্দশাক পোহৰলৈ আনাটো সহজ কাম নহয় ৷ কিন্তু ৰজনীকান্ত বৰদলৈয়ে এই কাম তেতিয়াই কৰিছিল ৷

পুৰুষতান্ত্ৰিক সমাজত নাৰীৰ যি দুৰ্দশাজৰ্জৰ অৱস্থা, মিৰি জীয়ৰীৰ জৰিয়তে তেওঁ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ সমান্তৰালভাৱে ব্ৰিটিছ অহাৰ পাছত কোম্পানীৰ জাহাজে বণিজৰ পাতনি মেলাৰ কথাও প্ৰতিফলিত কৰি ৰজনীকান্ত বৰদলৈয়ে মিচিং সমাজলৈ লাহে লাহে অহা অৰ্থনৈতিক পৰিৱৰ্তনৰ বিষয়ো সন্নিৱিষ্ট কৰিছে ৷

ড° পায়েঙে মিৰি জীয়ৰী উপন্যাসত সন্নিৱিষ্ট ২৫টা গীতৰ কেবাটিও মন জুৰোৱা কন্ঠৰে পৰিৱেশন কৰি আলোচনা সত্ৰখন প্ৰাণময় কৰি তোলে ৷ ইয়াত আলোচকৰূপে উপস্থিত থাকে মৰিধল মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহয়োগী অধ্যাপক ড° কবিতা গগৈ ৷

তেওঁ কয় যে, ৰজনীকান্ত বৰদলৈৰ কাপেৰেই অসমৰ প্ৰথমখন জনগোষ্ঠীয় জন-জীৱন ভিত্তিক উপন্যাস সৃষ্টি হৈছে ৷ ১৮৯৪ চনত মিচিং জন-জীৱনক লৈ এখন সাৰ্থক উপন্যাস লিখি তেওঁ মিচিং সমাজক তুলি আনিছে ৷

ইয়াত বৰ্ণনাৰ পৰা গীতে-মাতে সকলো দিশেৰে ৰজনীকান্ত বৰদলৈয়ে সামাজিক ইতিহাস ফহিয়াই দেখুৱাইছে ৷ ইয়াত আইন-আদালত ব্যৱস্থাৰ আৰম্ভণিৰ সময়ৰ বিষয়েও পোৱা যায় ৷

উনবিংশ শতিকাৰ শেষ সময়ছোৱাত ব্ৰিটিছৰ মাৰফৎ অসমলৈ বা মিচিং সমাজলৈ অহা নতুন পোহৰৰ ৰেঙনি দেখিবলৈ পোৱা যায় মিৰি জীয়ৰীত ৷ তেওঁ মিৰি জীয়ৰী উপন্যাসক মিচিং সমাজৰ দাপোণ বুলি উল্লেখ কৰি ইয়াৰ সামাজিক আৰু ঐতিহাসিক গুৰুত্ব অনস্বীকাৰ্য বুলি কয় ৷

আলোচনা সত্ৰখন উদ্বোধন কৰে চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লক্ষ্মীনাথ পেগুৱে ৷ উদ্বোধনী ভাষণ প্ৰসংগ তেওঁ অসম প্ৰকাশন পৰিষদে অসম গ্ৰন্থমেলাৰ মঞ্চত গৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা সত্ৰ অনুষ্ঠিত কৰাটো ভাষা-সাহিত্য আৰু সংস্কৃতিৰ জগতলৈ শুভবাৰ্তা প্ৰেৰণ কৰিছে ৷

ৰজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰী উপন্যাসকলৈ অনুষ্ঠিত কৰা এই আলোচনা সত্ৰও এনে আশাব্যঞ্জক পদক্ষেপ ৷ মঙ্গলবাৰে অনুষ্ঠিত হোৱা আলোচনা সত্ৰৰ কাৰ্য্যসূচীত চিলাপথাৰ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in