/asomiyapratidin/media/media_files/2026/03/08/udjdjd-2026-03-08-10-14-04.jpg)
ডিজিটেল ডেস্কঃ অসমৰ বিভিন্ন প্ৰান্তত থকা দৃষ্টিহীন বিদ্যালয়সমূহত ভিন্ন সমস্যাৰে জৰ্জৰিত হৈ দিন পাৰ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে। ইয়াৰ উপৰিও বিদ্যালয়সমূহ পৰিচালনাৰ ক্ষেত্ৰত বিভিন্ন দুৰ্নীতি আৰু অনিয়ম দেখা গৈছে, যাৰ বাবে প্ৰত্যক্ষভাৱে ভুক্তভোগী হ’বলগীয়া হৈছে দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীসকল। ইয়াৰ বিৰূপ প্ৰভাৱত বিদ্যালয়সমূহৰ ফলাফলৰ মানদণ্ড বহু পৰিমাণে হ্ৰাস পাইছে।
আনহাতে, SCERT-য়ে যেতিয়া নতুন পাঠ্যপুথি প্ৰকাশ কৰে, সেই পাঠ্যপুথিসমূহ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিবলৈ প্ৰায় দুবছৰ সময়ৰ প্ৰয়োজন হয়। দৃষ্টিহীন বিদ্যালয়সমূহৰ লগতে অসমৰ একমাত্ৰ ব্ৰেইল প্ৰেছটোৰ গুৰুত্বহীনতা আৰু গাফিলতিৰ বাবেই ছাত্ৰ-ছাত্ৰীসকলে এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে।
এই সংক্ৰান্তত সদৌ অসম দৃষ্টিহীন ছাত্ৰ সন্থাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত সন্থাৰ নেতৃত্বই ক্ষোভ আৰু উষ্মা প্ৰকাশ কৰি কয় যে, আজিৰ তাৰিখত এইসকল ছাত্ৰ-ছাত্ৰী যদি কিতাপৰ অভাৱত শিক্ষাৰ পৰা বঞ্চিত হ’বলগীয়া হয়, তেন্তে আমি দৃষ্টিহীনসকলৰ ভৱিষ্যতক লৈ কেনেদৰে হেতালি খেলিছোঁ তাক সমাজৰ সকলো শুভবুদ্ধিসম্পন্ন ব্যক্তিয়ে বিচাৰ কৰা উচিত।
যি সময়ত দৃষ্টিহীনসকলক সমাজৰ আন শ্ৰেণীৰ মানুহৰ সৈতে একে বুলি বিভিন্ন সময়ত বৰ বৰ হৰফেৰে কথা কোৱা হয়, তেনেক্ষেত্ৰত কিয় আমি তেওঁলোকৰ হৈ মাত মাতিব নোৱাৰোঁ বুলি সন্থাই সকলোৰে প্ৰতি বিশেষ আহ্বান জনাইছে। সন্থাই লগতে দাবী জনাইছে যে নতুনকৈ গঠন হ’বলগীয়া চৰকাৰে প্ৰথমখন কেবিনেটতে সিদ্ধান্ত ল'ব লাগে যাতে দৃষ্টিহীন বিদ্যালয়সমূহ পৰিচালনাৰ বাবে চৰকাৰৰ এখন বিশেষ মনিটৰিং কমিটি গঠন কৰা হয়।
ইফালে অৰুণোদয় আঁচনিৰ ধনো বিত্ত বিভাগত ওলমি আছে, যাৰ বাবে বহু দৃষ্টিহীন লোকে এই ধন লাভ কৰা নাই। এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি সন্থাই কয় যে, যিসকল দৃষ্টিহীন হিতাধিকাৰী বিভিন্ন কাৰণত এই আঁচনিৰ পৰা বঞ্চিত হৈছে, তেওঁলোকৰ সুবিধাৰ্থে পৰ্টেলটো অতিশীঘ্ৰে পুনৰ মুকলি কৰি তেওঁলোকক অন্তৰ্ভুক্ত কৰিব লাগে। লগতে, অহা ১০ মাৰ্চত চৰকাৰে মোকলাই দিবলগীয়া ধনৰ লগত তেওঁলোকেও যাতে এই ধন লাভ কৰে, তাৰ সুব্যৱস্থা চৰকাৰে কৰিব লাগে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us