/asomiyapratidin/media/media_files/2025/12/20/whatsapp-image-2025-12-20-20-00-43.jpeg)
ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। সৰুসজাইৰ পৰা ৩.৮ কিঃমিঃ দৈৰ্ঘ্যৰ এক বৃহৎ ৰোডশ্ব’ৰ নেতৃত্ব দি মহানগৰীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত প্ৰথমবাৰৰ বাবে উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। প্ৰায় ২৮০ জন নেতাৰ সৈতে এক কৌশলগত বৈঠকৰ অধ্যক্ষতা কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/20/8d29edfe-7ceb-4beb-a773-94235872c3bf-2025-12-20-19-55-54.jpeg)
উল্লেখ্য যে, ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই বৈঠক অতি গুৰুত্বপূৰ্ণ গৰিগণিত হৈছে। ইপিনে ২০২২ চনৰ অক্টোবৰ মাহত বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বাজপেয়ী ভৱন উদ্বোধন কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/20/9ab01eb4-1f9d-4021-bd94-a69ba65114d6-2025-12-20-19-56-17.jpeg)
আনপিনে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজ্যৰ প্ৰথমজন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰে আৰু বিমানবন্দৰৰ নতুন টাৰ্মিনেল উন্মোচন কৰাৰ লগতে এখন ৰাজহুৱা সভাত ভাষণ দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/20/a2fb9936-0ec7-457e-8574-a84c6a2b56cb-2025-12-20-19-56-36.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us