অসম এচোছিয়েশ্যন দিল্লীৰ সাধাৰণ নিৰ্বাচন সম্পন্ন

উক্ত সমিতিখনৰ বাবে কোষাধ্যক্ষ পদত বিনা প্ৰতিদ্বন্দীৰে বিজয়ী হয় প্ৰাৰ্থীগৰাকী। অসম এচোছিয়েশ্যনৰ দিল্লীৰ সাধাৰণ নিৰ্বাচনত ২২১ গৰাকী আজীৱন সদস্যই ভোট দান কৰে।

author-image
Asomiya Pratidin
New Update
f

ডিজিটেল সংবাদ,দিল্লীঃ  দেওবাৰে অসম এচোছিয়েশ্যনৰ দিল্লীৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। শ্ৰীমন্ত শঙ্কৰদেৱ ভৱনত অনুষ্ঠিত হয় এই নিৰ্বাচন। সভাপতি, উপ সভাপতি, সাধাৰণ সম্পাদক আৰু ১২ গৰাকী কাৰ্যনিৰ্বাহক সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হয়। 

উল্লেখ্য যে উক্ত সমিতিখনৰ বাবে কোষাধ্যক্ষ পদত বিনা প্ৰতিদ্বন্দীৰে বিজয়ী হয় প্ৰাৰ্থীগৰাকী। অসম এচোছিয়েশ্যনৰ দিল্লীৰ সাধাৰণ নিৰ্বাচনত ২২১ গৰাকী আজীৱন সদস্যই ভোট দান কৰে। নিৰ্বাচনৰ ফলাফল সমূহ ক্ৰমে- সভাপতি পদত জয়ী হয় দিপাঞ্জলী দত্ত, সাধাৰণ সম্পাদক পদত জয়ী হয় শোষভন তালুকদাৰ,উপ সভাপতি পদত জয়ী হয় অৰুণা বৰুৱা।

অসম এচোছিয়েশ্যন