শৰৎকালীন অধিৱেশনত গৃহীত হোৱা দুখন চৰ্চিত তথা গুৰুত্বপূৰ্ণ বিধেয়ক...

শৰৎকালীন অধিৱেশনত গৃহীত হোৱা দুখন চৰ্চিত তথা গুৰুত্বপূৰ্ণ বিধেয়ক...
Published on
Updated on

ডিজিটেল ডেস্কঃ যোৱা ২২আগষ্টৰ পৰা ৩০আগষ্টলৈ অনুষ্ঠিত হ'ল অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন। পূৰ্বৰ অধিৱেশন সমূহতকৈ এইবাৰৰ অধিৱেশন বিশেষ বুলি ইতিমধ্যে চৰ্চিত হৈছে। কিয়নো এইবাৰৰ বিধানসভাৰ অধিৱেশনত কেইবাখনো গুৰুত্বপুৰ্ণ বিধেয়ক গৃহীত হ'ল।

এইবাৰৰ শৰৎকালীন অধিৱেশনত দুখন খুবেই গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত হৈছে। ইয়াৰে এখন হ’ল আইকনিক হেৰিটেজ ষ্ট্ৰাকছাৰ এক্ট। আমাৰ ৰাজ্যখনত বহুতো মন্দিৰ, সত্ৰ, সাংস্কৃতিক কীৰ্তিস্তম্ভ আছে, যিবিলাকৰ বয়স আঢ়ৈশ বছৰতকৈও বেছি। এই অঞ্চলবোৰত এই আইনখন প্ৰযোজ্য হ'ব। এই অঞ্চলৰ লোকসকলে উক্ত আইনখন সেই অঞ্চলত প্ৰণয়নৰ বাবে আবেদন কৰিব পাৰিব।

উল্লেখযোগ্য যে এই আইনখনৰ অধীনত সেই ঐতিহাসিক সমলবোৰৰ থকা অঞ্চলটোৰ নামঘৰ, মন্দিৰ বা সত্ৰৰ ৫ কিলোমিটাৰৰ আশে পাশে কোনোৱে নতুনকৈ মাটি কিনিব নোৱাৰিব। কেৱল সেই মাটিৰ ভূমি পুত্ৰসকলেহে সেই মাটিৰ বেচা কিনা কৰিব পাৰিব। অৰ্থাত সেই মাটিখিনিত যিটো পৰিয়ালে ৭৫বছৰ কাল বাস কৰিছে তেওঁলোকেহে সেই মাটি নতুনকৈ কিনা বেচা কৰিব পাৰিব।

অসম চৰকাৰে সদৰি কৰা মতে, মূলত সভ্যতা সংস্কতি জীয়াই ৰখাৰ বাবে এই আইনখন প্ৰণয়ন কৰা হ’ব। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে তৎকালীনভাৱে চৰকাৰে বৰপেটা আৰু বৰদোৱা এই দুটা অঞ্চল এই আইনখনৰ শক্তিশালী ধাৰাৰ অধীনত আনিব।

বিধানসভাত গৃহীত হোৱা আন এখন গুৰুত্বপুৰ্ণ বিধেয়ক 'দ্যা আছাম ৰিপিলিং বিল-২০২৪'। ইয়াৰ লগে লগে বাতিল হ'ল পূৰ্বৰ 'দ্যা আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভ'ৰ্চ ৰেজিষ্ট্ৰেচন এক্ট-১৯৩৫'। এতিয়াৰে পৰা এই আইনৰ স্থান ল'ব 'Assam Compulsory Registration of Muslim Marriages and Divorces Bill, 2024'য়ে।

বিধানসভাত এই বিল গৃহীত হোৱাৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ''১৯৩৫ৰ শ্বৰিয়ত আইনৰ লগত 'দ্যা আছাম ৰিপিলিং বিল-২০২৪'ৰ কোনো সম্পৰ্ক নাই। কাজিসকল বাল্য বিবাহ প্ৰতিৰোধৰ পক্ষপাতী নহয়। সেয়ে তেওঁলোক এই আইনৰ বিৰুদ্ধে কাজিসকল দ্বাৰস্থ হৈছে উচ্চ ন্যায়ালয়ৰ।

এই দুয়োখন বিধেয়কৰ উপৰিও বৰাক উপত্যকা আৰু হোজাই জিলাত মণিপুৰী ভাষাক চৰকাৰী সহযোগী ভাষা হিচাপে স্বীকৃতি দিয়া হয়। ইয়াৰোপৰি বিধানসভাত গৃহীত হয় ৰাজহুৱা সেৱা অধিকাৰ আইন। এই আইনৰ অধীনত অহা ২অক্টোবৰৰ পৰা চৰাকাৰী সেৱাত নিৰ্ধাৰিত সময়তকৈ বেছি সময় লাগিলে জনসাধাৰণে ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ ওচৰত আবেদন কৰিব পাৰিব। অহা ২অক্টোবৰৰ পৰা এই আইনখন বলৱৎ কৰাৰ সম্ভাৱনা আছে।

বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ শেষৰটো দিনত প্ৰায় ৯০ বছৰীয়া ইতিহাসৰ অন্ত পেলাই অন্তিমবাৰৰ বাবে দেখা পোৱা গ’ল নামাজ বিৰতি। এতিয়াৰে পৰা বিধানসভাত নামাজৰ বাবে নাথাকিব বিৰতি। ৰুল নং ১১ সংশোধন কৰি নামাজৰ বাবে থকা বিৰতিৰ বিলুপ্তি ঘটাই বিধানসভাত ঐতিহাসিক সিদ্ধান্ত।

বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনটোৰ আটাইতকৈ চৰ্চিত বিষয়কেইটা আছিল স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিধায়ক অখিল গগৈৰ প্ৰতিবাদ, ধিং কাণ্ড আৰু শিৱসাগৰৰ ঘটনা। ভূমি ক্ৰয়-বিক্ৰয় সম্পৰ্কীয় বিধেয়ক, চাহ বাগিচাত উন্নয়নৰ প্ৰসংগ আৰু মুছলিম বিবাহ আৰু বিচ্ছেদৰ প্ৰসংগইও সদনত এক সুকিয়া স্থান পাইছিল।

অধিৱেশনৰ দ্বিতীয়টো দিনত বিধানসভাত নাৰী নিৰ্যাতনৰ প্ৰসংগটো উত্থাপন হৈছিল। নাৰী নিৰ্যাতনৰ বিৰুদ্ধে সৰৱ হৈ বিধায়ক অখিল গগৈয়ে হাতত পোষ্টাৰ লৈ প্ৰতিবাদ কৰা দেখা পোৱা গৈছিল।

শৰৎকালীন অধিৱেশনত গৃহীত হোৱা দুখন চৰ্চিত তথা গুৰুত্বপূৰ্ণ বিধেয়ক...
চীনৰ পুষ্পক বিমানঃ মাত্ৰ ২ ঘন্টাত পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in