/asomiyapratidin/media/media_files/2026/01/14/web-4-2026-01-14-14-36-34.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ বিগত বৰ্ষবোৰৰ দৰে এইবাৰো অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী লিকাবালিত আজিৰে পৰা অনুষ্ঠিত হৈছে মকৰ সংক্ৰান্তি উৎসৱ। তিনিদিনীয়াকৈ আয়োজিত উৎসৱৰ আজি প্ৰথম দিনটোৰ পুৱাৰ পৰাই দেখা গ'ল অগণন ভক্তৰ ভিৰ।
অসম-অৰুণাচলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সমাগম হৈছে সাধু আৰু ভক্তৰ। লিকাবালি-আলং পথৰে ৭ কিলোমিটাৰ যাত্ৰা কৰিলেই পোৱা যায় এক ঐতিহাসিক শিৱ মন্দিৰ। মন্দিৰৰ পৰা ৮৫০টা নিম্নগামী খটখটিৰে যাত্ৰা কৰি পোৱা জলপ্ৰপাতেই আকাশীগঙ্গা নামেৰে সৰ্বজন সমাদৃত।
জীৱনকালত জ্ঞাত-অজ্ঞাত ভুলৰ বাবে অৰ্জিত অনেক পাঁপ এই আকাশীগংগাত স্নান কৰিলেই মোচন হয় বুলি জনবিশ্বাস। মকৰ সংক্ৰান্তিৰ দিনটোৰ পৰা তিনিদিনলৈ লিকাবালি প্ৰশাসনে শিথিল কৰিছে আন্তঃৰাজ্যিক পাৰপত্ৰ। এইবাৰ স্থানীয় প্ৰশাসনে আকাশী গংগাত কোনো প্ৰৱেশ মূল্য সংগ্ৰহ কৰা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us