অসমৰ বনকৰ্মীৰ ওপৰত অৰুণাচলী দুৰ্বৃত্তৰ গুলীবৰ্ষণ

উত্তৰ অসমৰ চিৰসেউজ বিহালী অভয়াৰণ্যত চলিছে অৰুণাচলী দুস্কৃতিকাৰীৰ বনধ্বংস যজ্ঞ ৷ বন ধ্বংসৰে ভূমি দখলত কাৰ্য অব্যাহত ৰাখিছে অৰুণাচলীয়ে৷

author-image
Asomiya Pratidin
New Update
new ap web 4 (12)

ডিজিটেল ডেস্কঃ উত্তৰ অসমৰ চিৰসেউজ বিহালী অভয়াৰণ্যত চলিছে অৰুণাচলী দুস্কৃতিকাৰীৰ বনধ্বংস যজ্ঞ ৷ বন ধ্বংসৰে ভূমি দখলত কাৰ্য অব্যাহত ৰাখিছে অৰুণাচলীয়ে৷

মঙলবাৰে বিয়লি বিহালী অভয়াৰণ্যৰ ভিতৰত অৰুণাচলী বনদস্যুৰে অসমৰ বনকৰ্মীৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ৷ অৰুণাচলৰ বনধ্বংসকাৰীক আত্ম সমৰ্পন কৰিৱলৈ নিৰ্দেশ দিয়াৰ লগে লগে অৰুণাচলী দুস্কৃতিকাৰী দলটোৱে অসমৰ বনকৰ্মী সকললৈ লক্ষ্য কৰি নিৰ্বিচাৰ গুলীবৰ্ষণ কৰে আৰু ঘটনাস্থলীৰ পৰা পলাই যায়।

বনকৰ্মীৰ দলটোৱে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে ২ খন মেচিন কৰট ৷ অভয়াৰণ্যৰ ভিতৰত গুলীয়াগুলী কৰি পলায়ন কৰি অৰুণাচল প্ৰদেশৰ চিজুচা আৰক্ষী থানাত অসমৰ বন বিষয়াৰ বিৰুদ্ধেহে দাখিল কৰে এজাহাৰ ৷ যি স্থানত দলটোৱে গছ কাটি আছিল সেয়া অৰুণাচলৰ বুলি দাবী কৰিছে বনদস্যুৰ দলটোৱে ৷ ইতিমধ্যে অসমৰ ভূমিত এই ঘটনাৰ তদন্ত কৰিবলৈ বুধবাৰে উপস্থিত হয় অৰুণাচল আৰক্ষীৰ এটা দল ৷

অৰুণাচল প্ৰদেশ অসম অৰুণাচল সীমান্ত