অসম সাহিত্য সভাৰ কাব্য কাকলিৰ সফল সমাপন...

অসম সাহিত্য সভাৰ অভিনৱ আয়োজন ‘কাব্য কাকলি’ শীৰ্ষক অনুষ্ঠান। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কবিসকলক এক উপযুক্ত মঞ্চ দিয়া আৰু কবিসকলৰ কবিতা শ্ৰৱণ কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানটিৰ আয়োজনত আগভাগ লৈছে সাহিত্য সভাই

author-image
Asomiya Pratidin
New Update
122

ডিজিটেল ডেস্ক : অসম সাহিত্য সভাৰ অভিনৱ আয়োজন ‘কাব্য কাকলি’ শীৰ্ষক অনুষ্ঠান। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কবিসকলক এক উপযুক্ত মঞ্চ দিয়া আৰু কবিসকলৰ কবিতা শ্ৰৱণ কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানটিৰ আয়োজনত আগভাগ লৈছে সাহিত্য সভাই। সেই অনুসৰি সভাৰ কবি সন্মিলন উপ সমিতিৰ উদ্যোগত মঙলবাৰে সন্ধিয়া গুৱাহাটী কাৰ্যালয়ৰ ৰাধা গোবিন্দ বৰুৱা সভাকক্ষত শীৰ্ষক অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। 

Advertisment

WhatsApp Image 2025-08-19 at 8.29.32 PM

এই অনুষ্ঠানটিৰ পোনতে বন্তি প্ৰজ্জ্বলন কৰে মুখ্য অতিথি তথা বিশিষ্ট সমালোচক, অনুবাদক, শিক্ষাবিদ প্ৰদীপ আচাৰ্যই। ইয়াৰ পাছতে এটি বৰগীত পৰিৱেশন কৰে অঞ্জলি চক্ৰৱৰ্তীয়ে আৰু তেওঁৰ লগত খোল সংগত কৰে দেৱেশ কুমাৰ চক্ৰৱৰ্তীয়ে। 

উল্লেখযোগ্য যে, আজিৰ এই কাব্য কাকলি অনুষ্ঠানটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে। একেদৰে অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে প্ৰধান সম্পাদক দেৱজিৎ বৰাই।

WhatsApp Image 2025-08-19 at 8.29.33 PM

অনুষ্ঠানটি উদ্বোধন কৰি সভাপতি ড০ গোস্বামীয়ে কয় যে, আজিৰ এই কবি সন্মিলনখনত অসম সাহিত্য সভাৰ এটা ঐতিহ্য আছে। সেয়ে কেইবাগৰাকী কবিক আজিৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছো। তাৰোপৰি মুখ্য অতিথিৰূপে আমন্ত্ৰণ জনাইছো এগৰাকী বিশিষ্ট সমালোচক, অনুবাদক আৰু নীৰৱ সাধক প্ৰদীপ আচাৰ্যক। 

WhatsApp Image 2025-08-19 at 8.29.33 PM (1)

আনহাতে অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট সাহিত্য সমালোচক, শিক্ষাবিদ প্ৰদীপ আচাৰ্যই কয়- কবিতা ব্যক্তি এজনৰ নিজস্ব চিন্তা। ব্যক্তিক সম্বোধন কৰা নেযায়, ব্যক্তিক সন্মান কৰিবলৈ কবিতাই প্ৰধান। মই কবিতা নিলিখো কিন্তু মই কবিতা পঢ়ো। 

WhatsApp Image 2025-08-19 at 8.29.35 PM

তেওঁ আৰু কয়- কবিতা হৈছে জীৱন সম্বৃদ্ধ কৰা কিছু অৱদান। কবিয়ে কবিতাত নিজা শব্দ সৃষ্টি কৰিব পাৰে। এটা শব্দৰ আভিধানিক অৰ্থ সীমিত কিন্তু কবিতাৰ এটা বাক্যৰ শব্দৰ অৰ্থৰ পৰিসৰ যথেষ্ট বহল। 

WhatsApp Image 2025-08-19 at 8.29.34 PM

উল্লেখযোগ্য যে, আজিৰ এই কাব্য কাকলি শীৰ্ষক অনুষ্ঠানটি কবি সন্মিলন উপ সমিতিৰ কাৰ্যকৰী সভাপতি ডা০ নীলিমা ঠাকুৰীয়া হকে সঞ্চালনা কৰে। সমিতিৰ আহ্বায়ক নৱ ৰাজনে আঁত ধৰা অনুষ্ঠানটিত আমন্ত্ৰিত কবি নীলিম কুমাৰ, লুৎফা হানুম ছেলিমা বেগম, এম কামালু্দ্দিন, অৰ্চনা পূজাৰী, সমীন্দ্ৰ হুজুৰি, ভূষণ কলিতা, জোনমণি দাস, বিজয় শংকৰ বৰ্মন, অংকুৰ ৰঞ্জন ফুকন, দ্বীপৰাজ আৰু সংগীতা মেধিয়ে দুটিকৈ কবিতা পাঠেৰে অনুষ্ঠানটি জীপাল কৰি তোলে।

WhatsApp Image 2025-08-19 at 9.13.24 PM

আনহাতে অনুষ্ঠানটিত কৰ্ণধাৰ সমিতিৰ সদস্য কন্দৰ্প শৰ্মা, কবি সন্মিলন উপ সমিতিৰ উপসভাপতি মনোজ কুমাৰ দাস, আদি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। উল্লেখ্য যে কবিসকলক ফুল চন্দন তুলসীৰে সাহিত্য সভাৰ ভৱনলৈ আদৰণি জনাই উদ্যোক্তাসকলে। অনুষ্ঠানৰ শেষত জাতীয় সংগীত পৰিৱেশনৰে অনুষ্ঠানৰ সফল সামৰণি পৰে।

অসম সাহিত্য সভা