প্রদীপ বৰুৱাৰ মৃত্যুত অসম সাহিত্য সভাৰ শোক প্ৰকাশ

বিশিষ্ট সাহিত্যিক, সাংবাদিক, প্রান্তিক আলোচনীৰ জন্মদাতা তথা সম্পাদক প্রদীপ বৰুৱাৰ মৃত্যুত অসম সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰিছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-15 at 9.49.06 PM

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিশিষ্ট সাহিত্যিক, সাংবাদিক, প্রান্তিক আলোচনীৰ জন্মদাতা তথা সম্পাদক প্রদীপ বৰুৱাৰ মৃত্যুত অসম সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰিছে।

অসম সাহিত্য সভাৰ সভাপতি ড" বসন্তকুমাৰ গোস্বামী, উপ সভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই প্রদীপ বৰুৱাৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি এক শোক বার্তাত কয়, 'বৰুৱাৰ মৃত্যু অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি। বিগত বছৰসমূহত তেখেতে কর্মৰ যোগেদি কেবল প্রান্তিক আলোচনীখনকেই নহয়, সমগ্র অসমীয়া জাতি সত্ত্বাটোকেই শক্তিশালী কৰি ৰাখিছিল।'

WhatsApp Image 2026-01-15 at 9.46.45 PM

কাকতলৈ প্রেৰণ কৰা শোক বার্তাটোত সভাপতি, উপ সভাপতি আৰু প্ৰধান সম্পাদকে বৰুৱাৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

অসম সাহিত্য সভা