Advertisment

অনিশ্চয়তাত অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশন : আদৰণি সমিতি গঠনক লৈ বিতৰ্ক…

অনিশ্চয়তাত অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশন : আদৰণি সমিতি গঠনক লৈ বিতৰ্ক…

author-image
asomiyapratidin
New Update
অনিশ্চয়তাত অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশন : আদৰণি সমিতি গঠনক লৈ বিতৰ্ক…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : অনিশ্চয়তাত অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিত্বম নাৰায়ণপুৰ অধিৱেশন ৷ আজি নাৰায়ণপুৰত অনুষ্ঠিত আদৰণি সমিতিৰ দায়িত্বভাৰ গ্ৰহণ আৰু উপ-সমিতি গঠনৰ সভাত এই কথা ক'লে আদৰণি সমিতিৰ সভাপতি তথা বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড.অমিয় কুমাৰ ভূঞা আৰু কাৰ্যকৰী সভাপতি ড° শৰৎ হাজৰিকাই ৷ কভিড সৃষ্ট পৰিস্থিতিৰ বাবে অধিৱেশন আয়োজন কৰিবলৈ সময় কম হোৱাৰ কথা সদৰী কৰি আদৰণি সমিতিৰ তৰফৰ পৰা অসম সাহিত্য সভালৈ এই আহ্বান জনোৱাৰ কথাও উল্লেখ কৰে ৷ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ বিবেচনাৰ ওপৰত নিৰ্ভৰ কৰিব সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ দিন তাৰিখ ৷

Advertisment

ইফালে নাৰায়ণপুৰ অধিৱেশনক লৈ আয়োজক সমিতিৰ কাম কাজত অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হ'ল আজিৰ সভাত উপস্থিত থকা একাংশ লোক ৷ সভাখনত সভাপতি গৰাকীয়ে দায়িত্ব ভাৰ গ্ৰহণ কৰিছিল যদিও আদৰণি সমিতি খন সম্প্ৰসাৰণ কৰাক কেন্দ্ৰ কৰি পৰিস্থিতি কিছু উতপ্ত হৈ পৰিছিল যদিও বিধায়ক তথা সভাপতি গৰাকীয়ে হস্তক্ষেপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ লগতে অসম সাহিত্য সভাৰ সংবিধানৰ আধাৰত আয়োজক সমিতি খনত কাৰ্যকৰি সভাপতি ৰুপে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড. শৰৎ হাজৰিকা আৰু সাধাৰণ সম্পাদক ৰুপে বিশ্ববিদ্যালয় খনৰ অধ্যাপক মাখন তামুলীক সভাৰ সৰ্বসন্মতিক্ৰমে দায়িত্ব অৰ্পণ কৰে ৷

যুটীয়া সম্পাদক ৰুপে তিনিগৰাকী ব্যক্তিক দায়িত্ব প্ৰদান কৰাৰ কথা ঘোষনা কৰা হয় ৷ আনহাতে নাৰায়ণপুৰৰ বৰখামতি পথাৰত অনুষ্ঠিত হ'ব লগা অধিৱেশন খন কেতিয়া অনুষ্ঠিত হ'ব সেয়া নিৰ্ভৰ কৰিছে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সিদ্ধান্তৰ ওপৰত । ইফালে অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ বাবে যোৱা ১৯ ছেপ্তেম্বৰত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা প্ৰথম খন প্ৰতিনিধিত্বমূলক ৰাজহুৱা সভাত সৰ্বসন্মতি ক্ৰমে গঠন কৰা আদৰণি সমিতিৰ পৰা বাদ পৰিল নিৰ্বাচিত দুগৰাকী যুটীয়া সম্পাদক ৷ উল্লেখ্য যে ২০২২ চনত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ অধিৱেশনৰ বাবে যোৱা ১৯ চেপ্তেম্বৰত নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈছিল প্ৰতিনিধিত্বমূলক এখন বিশাল ৰাজহুৱা সভা ৷

য'ত উপস্থিত আছিল অসম সাহিত্যসভাৰ দুগৰাকীকৈ পৰ্যবেক্ষকৰ লগতে জিলাখনৰ বিভিন্ন শাখাৰ যথেষ্ট সংখ্যক বিষয়ববীয়া ৷ সেই সভাতে সৰ্বসন্মতিক্ৰমে গঠন কৰা হৈছিল এখন আদৰণি সমিতি৷ বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড.অমিয় কুমাৰ ভূঞাক সভাপতি,মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড.শৰৎ হাজৰিকা আৰু নাৰায়ণপুৰ শাখা সাহিত্য সভাৰ সভাপতি যোগেন্দ্ৰ নাথ শইকীয়াক কাৰ্যকৰী সভাপতি,মাধৱদেৱ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড. ঈশ্বৰ শৰ্মা ভড়ালী আৰু নাৰায়ণপুৰ শাখা সাহিত্য সভাৰ সম্পাদক উপেন হাজৰিকাক নিৰ্বাচিত কৰা হৈছিল যুটীয়া সম্পাদক হিচাপে ৷ উক্ত সমিতিখন অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত কাৰ্বি আংলং জিলাৰ বকলীয়া ঘাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সভাই জনাইছিল অনুমোদন ৷

তাৰ পিছতো আজি নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা দ্বিতীয়খন আদৰণি সমিতি গঠনৰ সভাত অসম সাহিত্য সভাৰ অনুমোদনৰ সিদ্ধান্তক নস্যাৎ কৰি পূৰ্ৱৰ দুয়োগৰাকী যুটীয়া সম্পাদকক সমিতিৰ পৰা বাহিৰ কৰি দিয়ে । আৰু সেই স্থানত নতুনকৈ অন্তৰ্ভুক্ত কৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা অগপৰ বিহপুৰীয়া সমষ্টি সমিতিৰ সভাপতি মাখন তামুলীক । এই ঘটনাই সভাস্থলীত উপস্থিতি থকা লোক সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে । আনহাতে লখিমপুৰ জিলা সাহিত্য সভাৰ সম্পাদক নৱকমল বৰাই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত সদৰি কৰি আজিৰ সভাত প্ৰশ্ন উত্থাপন কৰে ।