/asomiyapratidin/media/media_files/2025/10/11/490-2025-10-11-22-15-49.jpg)
ডিজিটেল সংবাদ, শিলচৰ : "বৰাকত সমন্বয়ৰ বাৰ্তা লৈ অনুষ্ঠিত হোৱা কাৰ্যনির্বাহক অধিবেশনে দেখুৱাই দিলে ভাষা-সাহিত্যৰ স্বাভিমান”- আজিৰে পৰা দুদিনীয়াকৈ কাছাৰ জিলাৰ শিলচৰৰ বংগভৱনত আৰম্ভ হোৱা অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ তৃতীয় পূর্ণাংগ কার্যনির্বাহক অধিৱেশনত এই মন্তব্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীৰ।
বৰাক-ব্ৰহ্মপুত্ৰৰ মহামিলনৰ প্ৰপ্রত্যাশাৰে আৰু ঐক্য, শান্তি আৰু সমন্বয় সংকল্পৰে অনুষ্ঠিত কাৰ্যনিৰ্বাহক অধিবেশনত পুৱা ১১ বজাত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামী, উপসভাপতি পদুম ৰাজখোৱা আৰু প্ৰধানসম্পাদক দেৱজিৎ বৰা সমন্বিতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা সভাৰ কেইবাশতাধিক বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্যক বিপুল আদৰণীৰে বঙ্গভৱনলৈ আগবঢ়াই আনে আদৰণী সমিতিৰ সম্পাদক দীপায়ন চক্ৰৱৰ্তী প্ৰমুখ্যে বিষয়ববীয়াসকলে।
সভাৰ আৰম্ভণী গীত 'চিৰ চেনেহী মোৰ ভাষা জননী' আৰু অসমীয়া জাতিৰ হৃদস্পন্দন জুবিন গাৰ্গৰ 'মায়াবিনী ৰাতিৰ বুকুত' গীতেৰে আৰম্ভ হোৱা কাৰ্যনিবার্হক সভাৰ মূল কাৰ্যসূচীৰ প্ৰাৰম্ভতে শিল্পী জুবিন গাৰ্গৰ লগতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু লোকসংগীতৰ বিশিষ্ট শিল্পী কালিকা প্রসাদ ভট্টাচাৰ্যৰ প্ৰতিছব্বিত বন্তি প্রজ্বলন কৰে সভাৰ সভাপতি প্ৰমুখ্যে আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী কৌশিক ৰয়, সাধাৰণ সম্পাদক তথা শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী, সমন্বয়ক তথা কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাৰ লগতে মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকলে।
সভাৰ উদ্দেশ্য ব্যাখ্যাৰ ভাষণত প্রধান সম্পাদক দেৱজিৎ বৰাই কয় যে- “প্ৰথম বাৰৰ বাবে বৰাক উপত্যকাত আয়োজিত অসম সাহিত্য সভাৰ এই পূর্ণাংগ কার্যনির্বাহক অধিবেশনে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আৰু সদ্ভাৱৰ সেতু অধিক গাঢ় কৰি তুলিব।”
সভাপতি ড° বসন্তকুমাৰ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত কার্যনির্বাহক অধিৱেশনৰ আৰম্ভণিতে আদৰণী ভাষণ প্ৰদান কৰি অসম চৰকাৰৰ মন্ত্ৰী তথা আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি কৌশিক ৰয়ে কয় যে- এয়া এক ঐতিহাসিক ক্ষণ। বৰাক উপত্যকাত প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত এই পূর্ণাংগ কার্যনির্বাহক অধিবেশনে বৰাক উপত্যকাৰ সৈতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুয়োখন হৃদয়ক এখন কৰি তুলিব।
এইখন কেৱল অসম সাহিত্য সভাৰে সভা নহয় এইখন এখন মিলন মেলা-সমন্বয়ৰ সেতু। তেওঁ লগতে শিলচৰত অনুষ্ঠিত এই অধিৱেশন এক সম্ভাৱনাৰ দুৱাৰ বুলি অভিহিত কৰে। লগতে আগন্তুক দিনত ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ এক কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজনৰ বাবে প্রস্তাৱ দাঙি ধৰে। ইফালে সভাৰ সভাপতিয়ে জনোৱা আৱেদনক সঁহাৰি জনাই বৰাক উপত্যকাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ এটি প্রতিমূর্ত্তি আৰু অসম সাহিত্য সভাৰ নামত এটি চন্দ্রকান্ত সন্ধিকৈ ভৱন নিৰ্মাণ কৰাৰ বাবে তেখেতে প্রতিশ্রুতি প্রদান কৰে।
তাৰোপৰি অসম সাহিত্য সভাৰ সন্মতি সাপেক্ষে বৰাক উপত্যকাত অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিবেশন অনুষ্ঠিত কৰিবলৈয়ো মুকলিকৈ অসম সাহিত্য সভালৈ প্রস্তাৱ আগবঢ়ায়। আদৰণী সমিতিয়ে কাছাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাৰ সম্পাদনাত প্রকাশিত 'বৰাক বৈভব' স্মৃতিগ্রন্থ, অসম সাহিত্য প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ মুখ্য সম্পাদনা আৰু ড০ অৰবিন্দ ৰাজখোৱাৰ সম্পাদনাত প্ৰকাশিত অসম সাহিত্য সভাৰ পত্রিকা আৰু অসম সাহিত্য সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰাৰ মুখ্য সম্পাদনা আৰু কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথৰ সম্পাদনাত প্ৰকাশিত অসম সাহিত্য সভাৰ বাৰ্তা শীর্ষক তিনিওখন গ্ৰন্থ-আলোচনী আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত গোস্বামী, উপসভাপতি পদুম ৰাজখোৱা সমন্বিতে বিশিষ্ট অতিথিসকলে।
স্মৃতিগ্রন্থ উন্মোচন কৰি ড০ গোস্বামীয়ে কয় যে মুখ্য সম্পাদক তথা আৰক্ষী অধীক্ষক নোমল মাহাত্তাৰ সম্পাদনাত প্রকাশিত 'বৰাক বৈভব' গ্রন্থখনে বৰাকৰ ভাষা সংস্কৃতিৰ এক মাইলৰ খুটি হ'ব। সেইদৰে অসম সাহিত্য সভাৰ বাৰ্তা আৰু পত্ৰিকায়ো এক সুকীয়া বৈশিষ্ট্য বহন কৰিছে।
সভাৰ শেষত আজিৰ সভাত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ পাঠ কৰা হয়। প্রস্তাৱসমূহ ক্ৰমে শিল্পী সম্রাট জুবিন গাৰ্গৰ অকাল মৃত্যুত শিলচৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ তৃতীয় পূর্ণাংগ কার্যনির্বাহক সভাই গভীৰ দুখ প্রকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ সামাজিক মাধ্যমত প্রকাশ হোৱা বা-বাতৰিৰ প্ৰতি সদিচ্ছা প্রকাশ কৰি অসম চৰকাৰে অনুসন্ধান কৰাৰ বাবে আজিৰ সভাই চৰকাৰক ধন্যবাদ জনাই ক্ষীপ্র গতিৰে নিৰপেক্ষ তদন্ত কৰি প্রকৃত দোষীয়ে শাস্তি পোৱাটো অসম সাহিত্য সভাই বাঞ্ছা কৰে।
দোষী সাৰি যাব নোৱৰাকৈ সকলো তথ্য-পাতি বিজ্ঞানসন্মতভাবে দাখিল কৰিবলৈ সংশ্লিষ্ট পক্ষক সতর্ক কৰি দিবলৈও চৰকাৰক আহ্বান জনায়। সভাই জুবিন গাৰ্গক লৈ ঘৃণাৰ ৰাজনীতি নকৰিবৰ বাবে সকলোকে অনুৰোধ কৰে। দ্বিতীয় প্ৰস্তাৱত উনবিংশ শতিকাৰ প্রতিষ্ঠিত সাউদ ভোলানাথ বৰুৱাৰ স্বদেশ স্বজাতিপ্ৰেমৰ ধাৰাল অনুৰাগ নথকা হ'লে কলকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা প্রবর্তন সম্ভৱ নহ'লহেঁতেন। তদুপৰি অসমত উদ্যোগৰ প্ৰাণ প্রতিষ্ঠাতা এইগৰাকী মহান ব্যক্তিৰ পূর্ণাংগ প্রতিমূর্তি গুৱাহাটীৰ ট্রেড চেণ্টাৰত স্থাপন কৰিবলৈ চৰকাৰক অনুৰোধ জনায়, লগতে হাইস্কুলৰ পাঠ্যক্ৰমত সাউদ ভোলানাথ বৰুৱা জীৱনী অন্তর্ভুক্ত কৰিবলৈ চৰকাৰক অনুৰোধ জনায়।
সভাই ভোলানাথ বৰুৱাৰ জন্মদিৱস ২৩ মে' তাৰিখটো বাণিজ্য দিৱসৰূপে পালন কৰিব লাগে বুলি চৰকাৰক দাবী জনায়। লগতে চৰকাৰৰ প্ৰস্তাৱিত উদ্যম বিকাশ বিশ্ববিদ্যালয়খন সাউদ ভোলানাথ বৰুৱাৰ নামত হ'ব লাগে বুলি সভাই অনুভৱ কৰে আৰু কাৰ্যব্যৱস্থা গ্রহণ কৰিবলৈ চৰকাৰক দাবী জনায়।
তৃতীয়তে অসমৰ দাঁতি কাষৰত থকা ৰাজ্যসমূহৰ লগত সীমা সমস্যাই ইতিমধ্যে গভীৰ ৰূপ ধাৰণ কৰিছে। চৰকাৰে বিষয়টোত গুৰুত্ব দি সীমা সমস্যা সমাধান কৰিবলৈ চৰকাৰক দাবী জনায়। চৰকাৰে সাংস্কৃতিক ভাৱ-বিনিময়ৰ বাবে সমস্যাজৰ্জৰ অঞ্চলত সভাক যাবলৈ সা-সুবিধা দিলে সভাই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও চৰকাৰক অৱগত কৰে।
চতুৰ্থ প্ৰস্তাৱত অসমীয়া ভাষা প্রশাসনীয় ভাষাৰূপে ১ এপ্রিল, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্রহণ কৰাত সভাই চৰকাৰক ধন্যবাদ জনায়, কিন্তু অতি পৰিতাপৰ কথা অসম চৰকাৰৰ আমোলাসকলে প্রশাসনীয় ভাষা এতিয়াও ব্যৱহাৰ নকৰাত সভাই দুখ প্রকাশ কৰে আৰু চৰকাৰক কঠোৰ হৈ কাৰ্যকৰী ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনায়।
পঞ্চম প্ৰস্তাৱ অনুসৰি অসমৰ অৰ্থনীতিত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা শতবর্ষ গৰকা টোকোলাই চাহ গবেষণা সংস্থা ক্রমাৎ মৃতপ্রায় অৱস্থা হৈছে, আজিৰ সভাই সংস্থাটি চৰকাৰৰ নিয়ন্ত্রণলৈ আনি ধ্বংসৰ মুখৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰক দাবী জনাই প্রস্তাৱ গ্রহণ কৰে। ষষ্ঠতে অসমৰ সৰ্ববৃহৎ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ৬ জনগোষ্ঠীৰ জনজাতি কৰাৰ প্ৰয়োজনীয়তা সম্পর্কে আজি শিলচৰত অনুষ্ঠিত সভাৰ কাৰ্যনির্বাহক সমিতিয়ে বিষয়টো চৰকাৰৰ জনগোষ্ঠীয় পঞ্চশীল নীতিৰ আধাৰত বিবেচনা কৰি সমাধান কৰিবলৈ দাবী জনায়।
সপ্তম প্ৰস্তাৱত অসমীয়া ভাষা-সাহিত্যৰ শিক্ষণ আৰু গৱেষণাৰ বাবে অসম সাহিত্য সভাৰ কেন্দ্রীয় অসম তত্ত্ব গবেষণা সংস্থানৰ অধীনত শিলচৰত এটি গবেষণা কেন্দ্র স্থাপন কৰাৰ কাৰণে সিদ্ধান্ত গ্রহণ কৰে। অষ্টমত, অসম সাহিত্য সভাৰ এশগৰাকী সদস্যই বাংলা সাহিত্য সভা, বাংলা সাহিত্য পৰিষদ, বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য পৰিষদকে ধৰি বিভিন্ন থলুৱা জনগোষ্ঠীসমূহৰ সাহিত্য সংগঠনৰ আজীৱন সভ্য পদ গ্রহণ কৰিব।
ইয়াৰ বিপৰীতে তেওঁলোককো অসম সাহিত্য সভাৰ আজীৱন সভ্য পদ গ্রহণ কৰিবলৈ আহ্বান জনোৱা হওঁক। নৱম প্ৰস্তাৱত অসম সাহিত্য সভাৰ শিলচৰ কাৰ্যনিৰ্বাহক অধিৱেশনে স্বাধীনতাৰ ৭৮ বছৰ পাছতো বৰাক উপত্যকাৰ উন্নয়ণ আশাপ্রদ নোহোৱাত তীব্র আক্ষেপ প্ৰকাশ কৰি এইক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰে।
দশম প্ৰস্তাৱত অসম সাহিত্য সভাৰ শিলচৰ কাৰ্যনিৰ্বাহক অধিৱেশনে বৰাক উপত্যকাত অৱস্থিত অসমীয়া, বাংলাকে ধৰি অন্যান্য মাধ্যমসমূহৰ শিক্ষানুষ্ঠানসমূহত শিক্ষক নিযুক্তিৰ শিক্ষাৰ্থী অনুপাতে দিবলৈ আহ্বান জনাই এক প্রস্তাৱ গ্ৰহণ কৰে। সভাই আজি আক্ষেপ প্রকাশ কৰি কয় মাধ্যম যিয়ে নহওক, কোনো শিক্ষকক মাধ্যম সলনি কৰি অন্য স্কুললৈ বদলি কৰাটো সভাই খেদ প্রকাশ কৰে। ১১ নং প্ৰস্তাৱ অনুসৰি আজিৰ সভাই এক প্রস্তাৱযোগে ১০ খন অসমীয়া ভাষাৰ গ্ৰন্থ বঙালী ভাষালৈ আৰু ৫ খন বঙালী ভাষাৰ গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়।
আনহাতে ডিমাচা ভাষাকে ধৰি অন্যান্য থলুৱা ভাষাৰ অনুবাদৰ ক্ষেত্ৰটো অসম সাহিত্য সভা অগ্ৰসৰ হ'ব। ১২ নং প্ৰস্তাৱত আজিৰ সভাই এক প্রস্তাৱযোগে ভূপেন হাজৰিকাৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নামত থকা গুৱাহাটী চচলৰ প্ৰায় ৬০ বিঘা মাটি চৰকাৰে অধিগ্রহণ কৰিছে।
সেয়েহে, ইয়াৰ পৰিৱৰ্তে অন্য কোনো স্থানত মাটি দিবৰ বাবে চৰকাৰক আহ্বান জনায়। ইফালে আজি পুৱা ২০২৫-২০২৭ কাৰ্যবৰ্ষৰ তৃতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ শিলচৰ অধিৱেশন উপলক্ষে শিলচৰ আঞ্চলিক কাৰ্যালয়ৰ প্ৰাংগনত পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে কাছাৰ জিলা সাহিত্য সভাৰ সভাপতি ড° যোগেশ্বৰ বৰ্মণে। স্মৃতি তর্পণ আগবঢ়ায় শিলচৰ শাখা সাহিত্য সভাৰ সভাপতি বাটু ৰাজবংশীয়ে।
দুয়োটা কাৰ্যসূচীতে উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰা চলিত শিলচৰ কাৰ্যনিৰ্বাহক অধিবেশনে সমন্বয় এক শুভবার্তা সুগন্ধি সমগ্র অসমত বিয়পাই দিব বুলি আশা প্রকাশ কৰে। নিশালৈ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই।
দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি ১২ অক্টোবৰত পুৱা ১০ বজাত ঐক্য, শান্তি, সমন্বয় আৰু প্ৰগতিৰ লক্ষ্যৰে অসম সাহিত্য সভাৰ সভাপতিৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভাসমূহৰ সভাপতিসকলৰ অংশগ্রহণেৰে এক বর্ণময় সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰিব ৰাজ্যসভাৰ সাংসদ কৰ্ণাদ পুৰকায়স্থই।