প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মৃত্যুত অসম প্ৰকাশন পৰিষদৰ শোক প্ৰকাশ ...

দেওবাৰে পুৱাই আহিছিল সেই বেয়া খবৰটো। দিছপুৰস্থিত জি এন আৰ চিত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰসিদ্ধ প্ৰবীণ সাংবাদিক, চিন্তাবিদ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে।

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল ডেস্কঃ দেওবাৰে পুৱাই আহিছিল সেই বেয়া খবৰটো। দিছপুৰস্থিত জি এন আৰ চিত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰসিদ্ধ প্ৰবীণ সাংবাদিক, চিন্তাবিদ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে। যোৱা ১৯ফেব্ৰুৱাৰী, ২০২৬ত তেওঁৰ ভৰ্তি কৰা হৈছিল হস্পাতালখনত। 

অসমৰ কেইবাখনো আগশাৰীৰ বাতৰি কাকতৰ সম্পাদক হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। জনসংযোগ বিভাগৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰা চক্ৰৱৰ্তীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৬বছৰ। ২০১৯চনত গণৰাজ্য দিৱসত সাংবাদিকতা বটাঁ লাভ কৰিছিল তেওঁ।

WhatsApp Image 2026-02-22 at 12.57.01 PM

উল্লেখ্য যে- প্ৰবীণ সাংবাদিক, চিন্তাবিদ, লেখক, বুদ্ধিজীৱী, গুৱাহাটীৰ পাঞ্জাবাৰী নিবাসী ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তীদেৱৰ বিয়োগত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই গভীৰ শোক প্ৰকাশ কৰিছে । পৰিষদৰ সচিব কলিতাই কাকতলৈ প্ৰেৰণ কৰা এক শোক বাৰ্তাত  লিখিছে যে-  ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মৃত্যু অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি ৷ লগতে সচিব কলিতাই তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে আৰু শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ৷

ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী