অসম নাট্য সন্মিলনৰ মূল পূৰ্ণাংগ নাট প্ৰতিযোগিতাত তৃতীয়বাৰলৈ উজ্বলিল নগাঁও

১৯৫৯ চনত স্থাপিত হোৱা অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। অসম নাট্য সন্মিলন বৰ্তমান সময়ত অসমৰ এটি বৃহৎ জাতীয় অনুষ্ঠান।

author-image
Asomiya Pratidin
New Update
NAGAONNATYAJJJJJ

ডিজিটেল সংবাদ, নগাঁওঃ ১৯৫৯ চনত স্থাপিত হোৱা অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। অসম নাট্য সন্মিলন বৰ্তমান সময়ত অসমৰ এটি বৃহৎ জাতীয় অনুষ্ঠান। অসম নাট্য সন্মিলনৰ কৰ্ম তথা আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বৰ্তমান সময়তো নতুনকৈ জিলা সমিতি তথা বহু শাখা গঠন হৈয়ে আছে। 

নাট্যচৰ্চাৰ ক্ষেত্ৰত এক বাতাবৰণ গঢ়ি তোলাৰ স্বাৰ্থত নাট্য সন্মিলনে সহৃদয়তাৰে অহৰহ কাম কৰি আছে। প্ৰতিবছৰে অসমৰ কোনো এখন ঠাইত নাট্য সন্মিলনৰ মূল অধিৱেশন আৰু পূৰ্ণাংগ নাট প্ৰতিযোগিতা অনুষ্ঠিত হয়। সমগ্ৰ অসমত নাট্য সন্মিলনৰ চাৰিটা মণ্ডল আছে। মণ্ডল কেইটা হৈছে কামপীঠ, সৌমাৰপীঠ, স্বৰ্ণপীঠ আৰু ৰত্নপীঠ মণ্ডল। 

প্ৰতিটো মণ্ডলতে সুকীয়াকৈ পূৰ্ণাংগ নাট প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিটো মণ্ডলৰ পৰা প্ৰথম আৰু দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰা দলকেইটা নিৰ্বাচিত হয় মূল পূৰ্ণাংগ নাট প্ৰতিযোগিতাৰ বাবে। অৱশ্যে যিটো মণ্ডলত নাট প্ৰতিযোগিতাত ১০খনতকৈ অধিক নাটকে অংশগ্ৰহণ কৰে সেই মণ্ডলৰ পৰা তৃতীয় শ্ৰেষ্ঠ নাট্য দলটিয়েও মূল প্ৰতিদ্বন্দ্বিতালৈ যোগ্যতা অৰ্জন কৰে। 

মূল পূৰ্ণাংগ নাট প্ৰতিযোগিতাত নগাঁও জিলাই পূৰ্বতে কেইবাবাৰো শ্ৰেষ্ঠ নাট্যদলৰ সন্মান লাভ কৰিছিল যদিও যোৱা তিনিটা বৰ্ষত একেৰাহে নগাঁও জিলাই শ্ৰেষ্ঠ নাট্যদলৰ সন্মান লাভ কৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। এই প্ৰাপ্তিৰ বাবে নগঞা ৰাইজ উৎফুল্লিত হৈ পৰিছে। নগাঁৱৰ এই ধাৰাবাহিক সফলতাৰ প্ৰথম খতিয়ান হৈছে তেজপুৰ অধিৱেশন ২০২৪। নাটক-'আধা অঁকা ছবি', নাট্যকাৰ-গৌতম শইকীয়া, পৰিচালক-বিদ্যুৎ কুমাৰ নাথ। অসম নাট্য সন্মিলন, মধুপুৰ শাখা, নগাঁও। 

দ্বিতীয় খতিয়ান হৈছে বেলশৰ অধিৱেশন-২০২৫ । নাটক-'কাঁইট', নাট্যকাৰ/পৰিচালক পবিত্ৰ কলিতা, নগাঁও সদৰ শাখা । শেহতীয়া তৃতীয় খতিয়ান হৈছে সদ্য সমাপ্ত কলিয়াবৰ অধিৱেশন-২০২৫ । নাটক-'কেনভাছ', নাট্যকাৰ/পৰিচালক- নেত্ৰ কমল বৰা, অসম নাট্য সন্মিলন,শতাব্দী শাখা,নগাঁও।

নগাঁও জিলাৰ এই তিনিওটা শাখাকে এতিয়া আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে নগঞা ৰাইজে লগতে অনাগত দিনসমূহতো এই ধাৰাবাহিকতা অটুট ৰাখিবলৈ আহ্বান জনাইছে।

নগাঁও