বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম লেখিকা সমাজৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

শুকুৰবাৰে পালন কৰা হৈছে অসম লেখিকা সমাজৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস  আৰু চতুৰ্থ মধ্যকালীন অধিৱেশন। সেই উপলক্ষে গোলাঘাটৰ ফৰকাটিঙৰ অমৰজ্যোতি ক্লাৱ প্ৰাংগণত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম লেখিকা সমাজৰ চতুৰ্থবাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ।

author-image
Asomiya Pratidin
New Update
154

ডিজিটেল ডেস্কঃ একাংশ সাহিত্যপ্ৰেমী, উদ্যোমী মহিলাৰ প্ৰচেষ্টাত ২০২২ত জন্মলাভ কৰিছিল অসম লেখিকা সমাজৰ । শুকুৰবাৰে পালন কৰা হৈছে অসম লেখিকা সমাজৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস  আৰু চতুৰ্থ মধ্যকালীন অধিৱেশন। সেই উপলক্ষে গোলাঘাটৰ ফৰকাটিঙৰ অমৰজ্যোতি ক্লাৱ প্ৰাংগণত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম লেখিকা সমাজৰ চতুৰ্থবাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ।

প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা ৮ বজাত পতাকা উত্তোলনেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হয় । অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈয়ে পতাকা উত্তোলনৰ পাছতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিক্ষাবিদ, সমাজসেৱক ডঃ তৰালী গগৈয়ে । এদিনীয়াকৈ অনুষ্ঠিত হোৱা বৰ্ণাঢ্য কাৰ্যসূচীত কেইবাগৰাকী বিশিষ্ট সাহিত্যিকক বিশেষ সন্মানেৰে সন্মানিত কৰিব বুলি উদ্যোক্তাই জনায় । 

উল্লেখযোগ্য যে, অসমীয়া সাহিত্যৰ প্ৰতি যুৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ লগতে উৎসাহ প্ৰদানৰ উদেশ্যে অসম লেখিকা সমাজৰ প্ৰতিষ্ঠা দিৱসত প্ৰদান কৰি আহিছে বিশেষ সন্মান । অসম লেখিকা সমাজে বগত বৰ্ষৰ দৰে মহীয়সী বঁটাৰে বিশেষ সন্মান প্ৰদান কৰিব অঞ্জলি মহন চেতিয়াক ।

একেদৰে সাহিত্য সৌৰভ বঁটা যুটিয়াভাৱে আগবঢ়াব বন্তি শেনচোৱা আৰু জুৰি শইকীয়ালৈ । আনহাতে শিশু সাহিত্য বঁটাশান্তনু তামুলী আৰু সাহিত্য সম্পাদনা বঁটা প্ৰদান কৰিব অতনু ভট্টাচাৰ্যক ।

গোলাঘাট