আজি অসম দিৱস

এই ঐতিহাসিক দিনটোক চিৰস্মৰণীয় ৰখাৰ মানসেৰে স্বৰ্গদেও চাওলুং চ্যুকাফাৰ স্মৃতিত প্ৰতিবছৰে ‘অসম দিৱস’ পালন কৰে

author-image
Asomiya Pratidin
New Update
9

ডিজিটেল ডেস্কঃ আজি সমগ্ৰ অসমবাসীয়ে পালন কৰিব  চ্যুকাফা দিৱস। আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেও চাওলুং চ্যুকাফাৰ নেতৃত্বত ১২২৮ চনৰ ২ ডিচেম্বৰত আহোমসকলে পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি দিছিল। এই ঐতিহাসিক দিনটোক চিৰস্মৰণীয় ৰখাৰ মানসেৰে স্বৰ্গদেও চাওলুং চ্যুকাফাৰ স্মৃতিত প্ৰতিবছৰে ‘অসম দিৱস’ পালন কৰা হয়।

আজি অসম দিৱস! স্বৰ্গদেও চাওলুং চুকাফাৰ পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি  থোৱা ঐতিহাসিক দিনটোৰ স্মৰণত পালন কৰা হয় এই দিৱস | অসম - Assam News

১৯৭২ চনত ছৈখোৱা অঞ্চলৰ সমাজকৰ্মী ভীমকান্ত বুঢ়াগোঁহাইয়ে ২ ডিচেম্বৰৰ দিনটো চ্যুকাফা দিৱস হিচাপে উদযাপন কৰাৰ উদ্দেশ্য শদিয়াৰ মৌজাদাৰ আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ লগত আলোচনা কৰে। সভাখনৰ উদ্বোধক আছিল অসম সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ বৰা। নিৰ্দিষ্ট বক্তা আছিল ড॰ নগেন শইকীয়া আৰু সভাখনৰ সভাপতি আছিল ড॰ লীলা গগৈ। বক্তৃতা প্ৰসংগত ড॰ লীলা গগৈয়ে ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবী জনাব লাগে বুলি প্ৰস্তাৱ আগবঢ়াইছিল। তাৰ পাছৰ পৰাই সমগ্ৰ ৰাজ্যতে স্বৰ্গদেউ চুকাফাক স্মৰণ কৰি চ্যু-কা-ফা দিৱস তথা অসম দিৱস উদযাপন কৰি অহা হৈছে। 

আজি অসম দিৱস! স্বৰ্গদেও চাওলুং চুকাফাৰ পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি  থোৱা ঐতিহাসিক দিনটোৰ স্মৰণত পালন কৰা হয় এই দিৱস | অসম - Assam News

অসম দিৱস