Asom Divas 2022: ‘অসম দিৱস’ত চ্যুকাফাৰ আদৰ্শৰ বিষয়ে জানো আহক

আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক তথা আহোমৰ প্ৰথম ৰজা চাওলুং চুকাফাক স্মৰণ কৰি প্ৰতি বছৰে ২ ডিচেম্বৰত সমগ্ৰ অসমতে অসম দিৱস বা চ্যুকাফা দিৱস পালন কৰা হয়।

author-image
Asomiya Pratidin
New Update
Asom Divas 2022: ‘অসম দিৱস’ত চ্যুকাফাৰ আদৰ্শৰ বিষয়ে জানো আহক

Asom Divas 2022

ডিজিটেল ডেস্ক: আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক তথা আহোমৰ প্ৰথম ৰজা চাওলুং চুকাফাক স্মৰণ কৰি প্ৰতি বছৰে ২ ডিচেম্বৰত সমগ্ৰ অসমতে অসম দিৱস বা চ্যুকাফা দিৱস পালন কৰা হয়।১৯৮৭ চনৰ পৰা অসমত চৰকাৰীভাৱে এই দিৱস পালন কৰি অহা হৈছে।

Advertisment

অসম দিৱসৰ ইতিহাস

১৯৭২ চনত ছৈখোৱা অঞ্চলৰ সমাজকৰ্মী ভীমকান্ত বুঢ়াগোহাঁইয়ে ২ ডিচেম্বৰত চ্যুকাফা দিৱস হিচাপে উৎযাপন কৰাৰ উদ্দেশ্যে বিষয়টো শদিয়াৰ মৌজাদাৰ আৰু শদিয়া আঞ্চলিক ছাত্ৰসন্থাৰ লগত আলোচনা কৰে। ইয়াৰ পাছতে সকলোৰে সহমতত শদিয়াৰ পাটিদৈ নগাঁৱৰ ৰাজগড় প্ৰথমিক বিদ্যালয়ত পোনপ্ৰথম বাৰৰ বাবে এই দিৱস উৎযাপন কৰা হয়। ১৯৭৩ চনত একে ঠাইতে অনুষ্টুপীয়াকৈ চ্যুকাফা দিৱস পতা হয় যদিও সেই একে ঠাইতে ১৯৭৪ চনত এই দিৱস অতি ধুমধামেৰে পতা হয়। এই অনুষ্ঠানত বক্তৃতা প্ৰসংগত ড॰ লীলা গগৈয়ে ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবী জনাব লাগে বুলি প্ৰস্তাৱ আগবঢ়ায়।

১৯৮১ চনত শিৱসাগৰ জিলাৰ চৰাইদেউত চ্যুকাফা দিৱস পতা হয় আৰু তেতিয়াৰ পৰা কেইবাটাও জাতীয় সংগঠনে সেই দিনটো ‘চ্যুকাফা দিৱস’ হিচাপে স্বীকৃতি দিবৰ বাবে দাবী জনায়।আনহাতে, ১৯৮৭ চনৰ ২ ডিচেম্বৰত চৰকাৰী পৃষ্ঠপোষকতাত জজ খেলপথাৰত চ্যুকাফা দিৱস আয়োজন কৰা হয় আৰু তাতেই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই চ্যুকাফা দিৱসক ‘অসম দিৱস’ হিচাপে চৰকাৰী স্বীকৃতি প্ৰদান কৰে।

চাওলুং চুকাফাৰ আদৰ্শ

চীনৰ য়ুনান প্ৰদেশৰ মাওলুং ৰাজ্যৰ টাই আহোম ফৈদৰ ৰাজকোঁৱৰ চাওলুং চুকাফাই ১২১৫ চনত আঠজন ডাঙৰীয়া আৰু বিষয়া, শিশুসহ ৯ হাজাৰ পুৰুষ-মহিলা, দুটা হাতী আৰু ৩শ টা ঘোঁৰা লগত লৈ ব্ৰহ্মপুত্ৰ উপত্যকালৈ যাত্ৰা কৰিছিল। প্ৰায় ১৩ বছৰ পাটকাইৰ আশে-পাশে ঘূৰি থকাৰ ১২২৮ চনত সৌমাৰ খণ্ডত প্ৰৱেশ কৰে। যুদ্ধ-বিগ্ৰহ এৰাই চলি অতি বিচক্ষণতাৰে চ্যুকাফাই ব্ৰহ্মপুত্ৰ দুয়োপাৰে থকা সৰু সৰু জনগোষ্ঠীয় ৰাজ্যসমূহক একত্ৰিত কৰি ‘অসম’ আৰু ‘অসমীয়া জাতি’ গঢ়ি তুলিছিল। সকলোৰে মাজত মিত্ৰতা বজাই ৰাখিবলৈ নিজৰ ভাষা টাই আৰু নিজৰ তাও ধৰ্ম ত্যাগ কৰি সকলো জনগোষ্ঠীৰ সৈতে মিলি এক নতুন ভাষা সৃষ্টিত অৰিহনা যোগাইছিল চাওলুং চুকাফাই। তেওঁৰ মহৎ আদৰ্শ গ্ৰহণ কৰিয়েই অসমত আহোমসকলে ছশ বছৰ ৰাজত্ব কৰিছিল।

Also Read: 10 Historical places in Assam: অসমৰ ঐতিহাসিক ঠাইসমূহ

assam assam diwas