/asomiyapratidin/media/media_files/2025/08/26/ashmita-26-2025-08-26-22-43-17.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ যুৱতীসকলক ক্ৰীড়াত সাফল্য লাভ কৰিবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যৰে ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনৰ ASMITA (Achieving Sports Milestone through Inspiring Women through Action) আঁচনিৰ অন্তৰ্গত ASMITA মহিলা বেডমিণ্টন চিটি লীগ-২০২৫ শিৱসাগৰ ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হয়।
বেডমিণ্টন এছোচিয়েচন অফ ইণ্ডিয়াৰ অন্তৰ্ভুক্ত বেডমিণ্টনৰ ৰাজ্যিক সমিতিসমূহৰ অধীনত আয়োজন হোৱা এই প্ৰতিযোগিতা অসম বেডমিণ্টন সন্থাই অসমৰ চাৰিখন জিলাত আয়োজন কৰাৰ পৰিকল্পনা কৰিছিল। সেইমৰ্মে, শিৱসাগৰৰ অ’এনজিচি কলনিৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ইনণ্ডোৰ ষ্টেডিয়ামত আগষ্টৰ ২৪ তাৰিখৰ পৰা ২৬ তাৰিখলৈকে আয়োজিত হোৱা এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত শিৱসাগৰ ক্ৰীড়া সন্থাৰ সভাপতি পোনাৰাম মিলি, সাধাৰণ সম্পাদক মনোজ ভাগৱতীকে প্ৰমুখ্য কৰি বিষয়-ববীয়াৰ লগতে অ’এনজিচিৰ ক্ৰীড়া বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া পবিত্ৰ কুমাৰ দত্ত আৰু অৰ্জুন ভোগেশ্বৰ বৰুৱা ইণ্ডোৰ ষ্টেডিয়াম পৰিচালনা সমিতিৰ সভাপতি চিত্ৰ বৰুৱা উপস্থিত থাকে।
এই উদ্বোধনী অনুষ্ঠানতে ক্ৰীড়া সন্থাৰ অন্তৰ্গত শিৱসাগৰৰ চাৰিওটা বেডমিণ্টন প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ত সফলতা লাভ কৰা খেলুৱৈ তথা তেওঁলোকৰ প্ৰশিক্ষকসকলক অভিনন্দন জনায়। চীনত অনুষ্ঠিত হোৱা এচিয়া জুনিয়ৰ বেডমিণ্টন চেম্পিয়নচিপৰ ১৫ বছৰ অনুৰ্ধৰ ল’ৰাৰ একক শাখাত চেম্পিয়ন বৰ্ণিল আকাশ চাংমাই, গোৱাত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় ৰেংকিং টুৰ্ণামেণ্টৰ ১৭ বছৰ অনুৰ্ধৰ মিক্স ডাবোল শাখাৰ চেম্পিয়ন শান্তিপ্ৰিয়া হাজৰিকাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত স্থান লাভ কৰা অনিকেশ দত্ত, বেদাগ্নী গগৈ, বিস্তৃনা বল্লৰী ৰাজখোৱা, আদিশ্ৰী বুঢ়াগোহাঁই, টানিশ তন্ময় সোণোৱাল, আয়ান হুছেইনৰ লগতে ৰাজ্যিক পৰ্য্যায়ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা আন ৩০ গৰাকী খেলুৱৈক অভিনন্দন জনায়।
ইয়াৰোপৰি, সন্থাৰ অন্তৰ্গত চাৰিটা প্ৰশিক্ষণ কেন্দ্ৰ ― চাওলুং চুকাফা ষ্টেডিয়াম বেডমিণ্টন প্ৰশিক্ষণ কেন্দ্ৰ, অৰ্জুন ভোগেশ্বৰ বৰুৱা বেডমিণ্টন প্ৰশিক্ষণ কেন্দ্ৰ, দীক্ষা বেডমিণ্টন প্ৰশিক্ষণ কেন্দ্ৰ আৰু সংস্কৃতি বেডমিণ্টন প্ৰশিক্ষণ কেন্দ্ৰৰ মুখ্য প্ৰশিক্ষক ক্ৰমে কৌশিক গগৈ, ধ্ৰুৱজ্যোতি দত্ত, মুকুন্দ গগৈ আৰু ললিত শৰ্মাক তেওঁলোকৰ অনৱদ্য অৱদানৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰে।
শিৱসাগৰ ক্ৰীড়া সন্থাৰ বেডমিণ্টন বিভাগৰ সম্পাদক ঋতুৰাজ চেতিয়াৰ তত্বাৱধানত এই প্ৰতিযোগিতা তিনিটা শাখাত অনুষ্ঠিত হৈছিল। ১৯ বছৰ অনুৰ্ধত নৈমিষা শইকীয়া বিজয়ী হোৱাৰ বিপৰীতে অমিৰ্শা আহোমে দ্বিতীয় স্থান আৰু যুটীয়াভাৱে ফাৰিহা চাব্বা মেৰাজ আৰু নীৰ্নিতা বাইলুংয়ে তৃতীয় স্থান লাভ কৰে। ঠিক সেইদৰে, ১৭ বছৰ অনুৰ্ধৰ শাখাত নৈমিষা শইকীয়াই প্ৰথম, নীৰ্নিতা বাইলুংয়ে দ্বিতীয় আৰু যুটীয়াভাৱে শাৰদী ৰাণী সোণোৱাল আৰু সুমায়া আহমেদে তৃতীয় স্থান লাভ কৰে।
১৫ বছৰ অনুৰ্ধৰ শাখাত শাৰদী ৰাণী সোণোৱাল, সুমায়া আহমেদ আৰু যুটীয়াভাৱে বিস্তৃনা বল্লৰী ৰাজখোৱা আৰু আদিশ্ৰী বুঢ়াগোহাঁয়ে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়।