/asomiyapratidin/media/media_files/2025/09/10/asia-cup-10-2025-09-10-15-22-04.jpg)
ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হ’ব এছিয়া কাপত ভাৰতৰ অভিযান। প্ৰতিযোগিতাৰ প্ৰথমখন মেচত ভাৰত সন্মুখীন হ’ব ইউ এ ইৰ বিৰুদ্ধে। তাৰ পূৰ্বে ভাৰতীয় দলটোৱে অনুশীলন তীব্ৰতৰ কৰি তুলিছে।
দীৰ্ঘদিনৰ পিছত টি-২০ খেলিবলৈ লোৱা ভাৰতীয় দলটো অৱশ্যে আত্মবিশ্বাসী হৈ আছে। এই অনুশীলন মেচতেই দেখিবলৈ পোৱা গৈছে কিছু আমোদজনক দৃশ্য। ভাৰতীয় দলটোৰ দুই অপেনাৰৰ দুটা দৃশ্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।
কিয়নো নেটত অনুশীলন চলোৱাৰ সময়ত শুভমণ গীল নেট বলাৰৰ হাতত আউট হোৱাৰ বিপৰীতে অভিষেক শৰ্মাই ২৫ টাকৈ ছিক্সাৰ কোবাইছে নেট বলাৰক দিশাহাৰা কৰি তুলিছে।
এছিয়া কাপৰ জৰিয়তে টি-২০ দললৈ ঘূৰি আহিছে শুভমণ গীল। দলটোত তেওঁক উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে। এই প্ৰতিযোগিতাত শুভমণ গীলৰ প্ৰদৰ্শনৰ ওপৰত তেওঁৰ টি-২০ কেৰিয়াৰ বহু পৰিমাণে নিৰ্ভৰ কৰিব।
খবৰ অনুসৰি শুভমণ গীলে অনুশীলনত অংশগ্ৰহণ কৰিছে যদিও তেওঁ কঠোৰ অনুশীলনৰ পৰা বিৰত আছে। নেটতো তেওঁক বেছি সময় দেখিবলৈ পোৱা নাই। আইচিচি একাডেমীৰ খেলপথাৰত তেওঁ অতি আৰামেৰে অনুশীলনত ভাগ লৈছে।
তাৰ মাজতেই দেখা গৈছে নেট বলাৰৰ সন্মুখত তেওঁ যথেষ্ট অসহায় অনুভৱ কৰিছে। হতাশাত মূৰ জোকাৰি থকাও দেখা গৈছে। আনহাতে বিস্ফোৰক বেটছমেন হিচাপেই পৰিচিত অভিষেক শৰ্মাক দেখা গৈছে তেওঁৰ স্বভাৱসুলভ ছন্দত।
ইতিমধ্যে টি-২০ত ফৰ্মেটত বিস্ফোৰক বেটছমেন হিচাপে পৰিচিত হৈ পৰা অভিষেকো এঘণ্টাৰো অধিক সময় নেটত অনুশীলন কৰিছে। এই সময়ত তেওঁ ২৫ ৰ পৰা ৩০ টা ছিক্সাৰ কোবাইছে। অভিষেকৰ এনে ৰূপ দেখি ভাৰতীয় শিবিৰতো আশাৰ সঞ্চাৰ হৈছে।
ইফালে শুভমণ গীলৰ আগমণে চিন্তিত কৰি ৰাখিছে সঞ্জু ছেমছনক। শুভমণ গীলেই অভিষেক শৰ্মাৰ সৈতে ইনিংছ মুকলি কৰাৰ সম্ভাৱনাই প্ৰবল। ফলত সঞ্জুৱে মূল একাদশত স্থান নোপোৱাৰ সম্ভাৱনাই অধিক। এই লৈ বিভিন্ন প্ৰশ্নও উত্থাপন হৈছে।
অৱশ্যে অধিনায়ক সূৰ্যকুমাৰ যাদৱে সঞ্জু ছেমছনক তেওঁক সঠিক ভাৱেই ৰাখিছে আৰু তেওঁৰ যত্ন লৈছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। তেওঁৰ ভাষ্যত অৱশ্যে স্পষ্ট হোৱা নাই সঞ্জু ছেমছনে মূল একাদশত খেলাৰ সুযোগ পাব নে নাই।
আটতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে মেচখনৰ পূৰ্বে সঞ্জু ছেমছনক নেটত অনুশীলন কৰাও দেখিবলৈ পোৱা নগল। মিডল অৰ্ডাৰতো তেওঁৰ খেলাৰ সম্ভাৱনা ক্ষীণ। এনে পৰিস্থিতিত সঞ্জু ছেমছন যে পুনৰ বেঞ্চতেই বহি থাকিব লাগিব সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে।