/asomiyapratidin/media/media_files/2025/09/29/pakkss-2025-09-29-09-16-02.jpg)
ডিজিটেল ডেস্কঃ এছিয়া কাপত ৫উইকেটত পাকিস্তানক বিধ্বস্ত কৰিলে টীম ইণ্ডিয়াই। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই জয়ক খেলপথাৰৰ অপাৰেশ্যন সিন্দূৰ বুলি আখ্যা দিলে। এছিয়া কাপ-২০২৫ৰ খিতাপ দখল কৰাৰ পাছতে টীম ইণ্ডিয়াৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱে এক বিশেষ পদক্ষেপৰ কথা ঘোষণা কৰে।
সূৰ্য কুমাৰ যাদৱে ঘোষণা কৰে যে,এইবাৰ এছিয়া কাপত তেওঁলোকে লাভ কৰা সকলো ধনৰাশি ভাৰতীয় সেনা আৰু পেহেলগামত নিহতৰ পৰিয়াললৈ আগবঢ়াব। এছিয়া কাপৰ ফাইনেলত জয় লাভ কৰাৰ পাছতে এই ঘোষণা কৰে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে।
ইফালে ভাৰতীয় ক্ৰিকেট দলটোৱে PCB (Pakistan Cricket Board) আৰু এছিয়ান ক্ৰিকেট পৰিষদৰ সভাপতি মহছিন নাকৱীৰ পৰা এছিয়া কাপৰ ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে ।