Asia Cup 2025: আজি হ'ব বাচনি! কোনে কোনে স্থান পাব টীম ইণ্ডিয়াত...

এচিয়া কাপ-২০২৫ৰ বাবে আজি টীম ইণ্ডিয়াই ঘোষণা কৰিব দলত স্থানপ্ৰাপ্ত সদস্যসকলৰ নাম। বি চি চি আইৰ নিৰ্বাচনী সমিতিয়ে  আজি দুপৰীয়াভাগত মুখ্য কাৰ্যালয়ত আয়োজন কৰিছে এক বিশেষ বৈঠকৰ। এই বৈঠকৰ পাছতে

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল ডেস্কঃ এচিয়া কাপ-২০২৫ৰ বাবে আজি টীম ইণ্ডিয়াই ঘোষণা কৰিব দলত স্থানপ্ৰাপ্ত সদস্যসকলৰ নাম। বি চি চি আইৰ নিৰ্বাচনী সমিতিয়ে  আজি দুপৰীয়াভাগত মুখ্য কাৰ্যালয়ত আয়োজন কৰিছে এক বিশেষ বৈঠকৰ। এই বৈঠকৰ পাছতে মুখ্য নিৰ্বাচক অজিত আগৰকৰে ১.৩০বজাত সম্বোধন কৰিব  সংবাদমেলৰ। এই সংবাদমেলতে ঘোষণা কৰা হ'ব টীম ইণ্ডিয়াৰ সদস্য সকলৰ নাম। 

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, ২০২৫ৰ এচিয়া কাপৰ ব্যৱস্থাপনাৰ দায়িত্বত আছে ভাৰত। ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ  হবলগীয়া এই টুৰ্ণামেন্ট ডুবাইত অনুষ্ঠিত কৰা হ'ব। ৮খনকৈ দেশে অংশ গ্ৰহণ কৰিব এচিয়া কাপত। ২০২৩ৰ এচিয়া কাপত ভাৰতে শ্ৰী লংকাক ১০উইকেটত পৰাস্ত কৰিছিল। 

কেৱল পুৰুষ দলে নহয়, আজি ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য সকলৰ নামো ঘোষণা কৰা হ'ব। আজি নিৰ্বাচিত মহিলা টীমটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া চিৰিজৰ লগতে আগন্তুক মহিলা বিশ্বকাপতো অংশ গ্ৰহণ কৰিব। 

ক্ৰিকেট খেল