/asomiyapratidin/media/media_files/2025/08/19/new-ap-web-2-16-2025-08-19-18-27-43.jpg)
ডিজিটেল ডেস্কঃ আগন্তুক এছিয়া কাপৰ বাবে আজি ভাৰতীয় দলটো ঘোষণা কৰা হৈছে। টি-২০ দলটোৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱ, মুখ্য নিৰ্বাচক অজিত আগাৰকাৰে মুম্বাইস্থিত বি চি চি আইৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় দলটো ঘোষণা কৰে। তাৰ পিছতেই এতিয়া সামাজিক মাধম্যত এই দলটোৰ নিৰ্বাচনক লৈ নানান প্ৰশ্ন উঠিছে। বিশেষকৈ শুভমণ গীলক উপ-অধিনায়ক হিচাপে অন্তৰ্ভুক্ত কৰা আৰু শ্ৰেয়াছ আয়াৰ, যশস্বী জয়ছোৱালক অন্তৰ্ভুক্ত নকৰাক লৈ বহুতেই প্ৰশ্ন তুলিছে।
অৱশ্যে ভাল খবৰ এয়াই যে, এছিয়া কাপৰ দলটোত ভাৰতীয় পেচ বলিঙৰ নেতৃত্বত থাকিব যশপ্ৰীত বুমৰাহ। তেওঁক সহযোগ কৰিবলৈ আছে হৰ্ষিত ৰাণা,অৰ্শদ্বীপ সিং। টি-২০ বিশ্বকাপত ভাৰতীয় দলটোত বুমৰাহৰ সমান্তৰালকৈ অৰ্শদ্বীপ সিঙৰ প্ৰদৰ্শনো আছিল ভাৰতৰ বিজয়ৰ অন্যতম কাৰণ।টি-২০ত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ পেচাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে অৰ্শদ্বীপে।
তাৰোপৰি ভাৰতীয় দলটোত আছে বৰুণ চক্ৰৱৰ্তী, অক্ষৰ পেটেল আৰু কুলদীপ যাদৱৰ দৰে স্পিনাৰ। আই পি এলত দিল্লী কেপিটেলছক নেতৃত্ব দিয়া অক্ষৰ পেটেলে বলিঙৰ সমান্তৰালকৈ বেটিঙতো কিদৰে সুন্দৰ প্ৰদৰ্শন কৰিছিল সেয়া সকলোৰে মনত আছে। এগৰাকী অলৰাউণ্ডাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰা অক্ষৰৰ দলত স্থানে ক্ৰিকেট অনুৰাগীক সন্তুষ্ট কৰিছে।
একো ভুল নকৰাকৈয়ে দলৰ পৰা বাদ পৰিল শ্ৰেয়াছ আয়াৰ
এছিয়া কাপৰ বাবে ঘোষিত দলটোত স্থান নাপালে শ্ৰেয়াছ আয়াৰে। অথচ হোৱাইট বল ক্ৰিকেটত ধাৰাবাহিকভাৱে অদমনীয় প্ৰদৰ্শন কৰি আহিছে শ্ৰেয়াছ আয়াৰে। ২০২৩ ৰ এদিনীয়া বিশ্বকাপৰ পৰাই যদি আয়াৰৰ প্ৰদৰ্শনলৈ মন কৰা হয় তেন্তে তেওঁৰ কিদৰে উন্নত প্ৰদৰ্শনৰ ধাৰাবাহিকতা ৰক্ষা কৰি আহিছে সেয়া বুজিব পাৰি।
২০২৩ ৰ বিশ্বকাপৰ ট্ৰফী জয় কৰিব নোৱাৰিলেও আয়াৰে ১১ খন মেচত কৰিছিল ৫৩০ ৰাণ। অৱশ্যে আয়াৰৰ সেই প্ৰদৰ্শনৰ পিছতো বিৰাট কোহলি, ৰোহিত শৰ্মা, বুমৰাহ আদিৰ দৰে বিশেষ চৰ্চা লাভ নকৰিলে।
তাৰ পিছত আয়াৰে ২০২৪ ত কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক হিচাপে দলটোক চেম্পিয়নৰ খিতাপ জয় কৰোৱালে। সেইবাৰো কে কে আৰৰ বিজয়ৰ সম্পূৰ্ণ কৃতিত্ব যায় মেণ্টৰ গৌতম গম্ভীৰলৈ। প্ৰাপ্য সন্মানৰ পৰা বঞ্চিত হয় আয়াৰ।
ভাৰতৰ চেম্পিয়নছ ট্ৰফী জয়ৰ অন্যতম নায়ক আছিল শ্ৰেয়াছ আয়াৰ। ৫ খন মেচত ২৪৩ ৰাণ কৰি আয়াৰে তেওঁৰ প্ৰদৰ্শনৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখাই নহয় মিডল অৰ্ডাৰত খেলি ভাৰতক শক্তিশালী কৰি তোলাত মুখ্য ভূমিকা পালন কৰিছিল।
চৈয়দ মুস্তাক আলী ট্ৰফীতো তেওঁ ১৮৮.৫২ ষ্ট্ৰাইক ৰেটেৰে ৯খন মেচত ৩৪৫ ৰাণ সংগ্ৰহ কৰিছে। ২০২৫ ত পঞ্জাৱ কিংছে আই পি এলত ফাইনেল খেলাৰ আঁৰতো মুখ্য ভূমিকা লৈছিল অধিনায়ক আয়াৰেই। তেওঁ মুঠ ১৭ খন মেচ খেলি ১৭৫.০৭ ষ্ট্ৰাইক ৰেটত ৬০৪ ৰাণ সংগ্ৰহ কৰিছিল। য’ত আছিল ৬টা অৰ্ধ শতক।
আয়াৰৰ এনে প্ৰদৰ্শনৰ ধাৰাবাহিকতা আৰু অভিজ্ঞতাই তেওঁৰ স্থান এছিয়া কাপৰ বাবে ঘোষিত দলত নিশ্চিত হ’ব লাগে বুলি কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰিকেট বিশেষজ্ঞই দাবী কৰি আহিছিল। কিন্তু আজি ঘোষিত ভাৰতীয় দলত আয়াৰৰ নাম নথকাত বহুতেই এতিয়া বি চি চি আইৰ নিৰ্বাচকৰ সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।
দল ঘোষণা কৰাৰ সময়ত শ্ৰেয়াছ আয়াৰক দলত স্থান নিদিয়াৰ সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত ভাৰতীয় দলটোৰ মুখ্য নিৰ্বাচক অজিত আগাৰকাৰে কয়, শ্ৰেয়াছ আয়াৰ দলৰ পৰা বাদ পৰাৰ ক্ষেত্ৰত তেওঁৰ কোনো দোষ নাই। কিন্তু আমি ১৫ জনক হে নিৰ্বাচন কৰিব পাৰো। আগাৰকাৰৰ এনে উত্তৰত সন্তুষ্ট নহয় ক্ৰিকেট অনুৰাগী। বহুতেই প্ৰশ্ন কৰিছে আয়াৰক বাদ দিয়া হৈছে। অথচ ২০২৪ ৰ ৩০ জুলাইতে শেষবাৰৰ বাবে টি-২০ খেলি গীলক দলত উপ-অধিনায়ক হিচাপে স্থান দিয়া হৈছে।
অভিষেক শৰ্মাৰ বাবেই বাদ পৰিছে জয়ছোৱাল
আহাতে অভিষেক শৰ্মাৰ বাবেই যশস্বী জয়ছোৱালক দলত স্থান দিয়া হোৱা নাই বুলি নিশ্চিত কৰিছে অজিত আগাৰকাৰে। অজিত আগৰকাৰে কয়, যশস্বীক দলত স্থান দিব নোৱাৰোট দুৰ্ভাগ্যজনক। কিন্তু আমি দেখিছো অভিষেক শৰ্মাই কিদৰে খেলে। তেওঁ বলো কৰিব পাৰে, যিয়ে অধিনায়কক বহুত সহায় কৰে। অৱশ্যে যশস্বী জয়ছোৱালক ষ্টেণ্ডবাই প্লেয়াৰৰ তালিকাত স্থান দিয়া হৈছে।
এছিয়া কাপৰ বাবে ঘোষিত ভাৰতীয় দলটো
অভিষেক শৰ্মা
সঞ্জু চেমচন (উইকেটকীপাৰ)
তিলক বাৰ্মা
সূৰ্যকুমাৰ যাদৱ (অধিনায়ক)
শুভমন গীল (উপ-অধিনায়ক)
হাৰ্দিক পাণ্ডিয়া
অক্ষৰ পেটেল
বৰুণ চক্ৰৱৰ্তী
যশপ্ৰিত বুমৰাহ
আৰ্শদ্বীপ সিং
হৰ্ষিত ৰাণা
জিতেশ শৰ্মা (উইকেটকীপাৰ)
ৰিংকু সিং
কুলদীপ যাদৱ
শিৱম ডুবে
ষ্টেণ্ড বাই
প্ৰসিধ কৃষ্ণ, ৱাশ্বিংটন সুন্দৰ, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল, যশস্বী জয়ছৱাল
আগন্তুক এছিয়া কাপত ভাৰতৰ সূচী
১০ ছেপ্টেম্বৰ (বুধবাৰ): ভাৰত বনাম ইউ এ ই
১৪ ছেপ্টেম্বৰ (দেওবাৰ): ভাৰত বনাম পাকিস্তান
১৯ ছেপ্টেম্বৰ (শুকুৰবাৰ): ভাৰত বনাম ওমান
এছিয়া কাপ অনুষ্ঠিত হ'বলগীয়া স্থান
অহা ৯ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ চলিবলগীয়া এছিয়া কাপৰ খেলসমূহ সংযুক্ত আৰব আমিৰশ্বাহীৰ দুটা স্থানত অনুষ্ঠিত হ’ব। ইয়াৰে ১১খন মেচ আবুধাবিত অনুষ্ঠিত হ’ব। বাকী আঠখন খেল, ফাইনেলসহ ডুবাইতে অনুষ্ঠিত হ’ব। অহা ১৪ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ খেলখন।