এছিয়া কাপৰ পাকিস্তান বনাম ইউএই মেচ বাতিল হোৱাৰ সম্ভাৱনা

এইবাৰৰ এছিয়া কাপ বৰ্জন কৰিব পাৰে পাকিস্তানৰ ক্ৰিকেট দলে। ইউএইৰ বিৰুদ্ধে আজি অনুষ্ঠিত হবলগীয়া খেলৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত ল’ব পাৰে পাকিস্তানৰ দলটোৱে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-09-17 at 7.02.38 PM

ডিজিটেল ডেস্কঃ এইবাৰৰ এছিয়া কাপ বৰ্জন কৰিব পাৰে পাকিস্তানৰ ক্ৰিকেট দলে। ইউএইৰ বিৰুদ্ধে আজি অনুষ্ঠিত হবলগীয়া খেলৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত ল’ব পাৰে পাকিস্তানৰ দলটোৱে। পাকিস্তানী সংবাদ মাধ্যম জিঅ’ নিউজে প্ৰকাশ কৰিছে এই খবৰ।

খবৰ অনুসৰি, পাকিস্তান ক্ৰিকেট ব’ৰ্ডে নিজৰ দলটোক নিজৰ হোটেললৈ উভতি যাবলৈ নিৰ্দেশ দিছে। পাকিস্তানী সংবাদ মাধ্যমৰ মতে, পাকিস্তানী দলটো ডুবাই ষ্টেডিয়ামলৈও ৰাওনা হোৱা নাছিল। অতি সোনকালে সমগ্ৰ বিষয় সন্দৰ্ভত লাহোৰত সংবাদমেল অনুষ্ঠিত কৰিব পাৰে পিচিবিৰ বিষয়াসকলে।

উল্লেখযোগ্য যে, এছিয়া কাপৰ ভাৰতীয় খেলুৱৈসকলে হাত মিলাবলৈ অস্বীকাৰ কৰাত হতাশ হৈ পাকিস্তানে আইচিচিলৈ পত্ৰ লিখি মেচ ৰেফাৰী এণ্ডি পাইক্ৰফ্টক অপসাৰণৰ দাবী জনাইছিল। পিছে এই অনুৰোধ নাকচ কৰিছিল আইচিচিয়ে। জানিব পৰা মতে, ইউএইৰ বিৰুদ্ধে আজিৰ খেলখনৰো ৰেফাৰী হিচাপে পাইক্ৰফ্টক নিযুক্তি দিয়া হৈছে। ফলস্বৰূপে পাকিস্তানৰ দলটোৱে মেচখনৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত ল’ব পাৰে।

ইফালে, প্ৰথমখন আবেদন নাকচ হোৱাৰ পিছত পিচিবিয়ে আইচিচি লৈ দ্বিতীয়খন পত্ৰ লিখি দাবী পূৰণ নহ’লে এছিয়া কাপ বৰ্জন কৰাৰ হুংকাৰ দিছিল। কিন্তু এই পৰ্যন্ত সেই পত্ৰৰ সহাৰি নিদিয়াৰ অভিযোগ দলটোৰ। 

অৱশ্যে পৰৱৰ্তী সময়ত সিদ্ধান্ত সলনি কৰিলে পাকিস্তান ক্রিকেট দলে। UAEৰ বিৰুদ্ধে এছিয়া কাপৰ মেচত অৱতীৰ্ণ হ’ব পাকিস্তান। ইতিমধ্যে হোটেলৰ পৰা ষ্টেডিয়ামলৈ ৰাওনা হৈছে পাকিস্তানৰ দল। এঘণ্টা পলমকৈ অনুষ্ঠিত হ’ব পাকিস্তান-UAEৰ মাজৰ এই মেচখন। 

ক্ৰিকেট খেল ক্ৰিকেট