/asomiyapratidin/media/media_files/2025/09/10/302-2025-09-10-22-45-05.jpg)
ডিজিটেল ডেস্ক : চলিত ২০২৫ বৰ্ষৰ এছিয়া কাপত জয়েৰে অভিযান আৰম্ভ কৰিছে টীম ইণ্ডিয়াই। বুধবাৰে নৈশলোকত অনুষ্ঠিত মেচখনত ভাৰতে আয়োজক ই এ ইৰ বিৰুদ্ধে ৯ উইকেটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/10/whatsapp-2025-09-10-22-45-20.jpeg)
আজিৰ এই মেচত ভাৰতীয় দলৰ খেলুৱৈসকলে বেটে- বলে পৰাক্ৰম দেখুৱাবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, কুৰি অ’ভাৰৰ মেচখনত পোনতে বেট ধৰি ই এ ইয়ে মাত্ৰ ৫৭ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই ইনিংছ সামৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/10/wha0-a-2025-09-10-22-45-37.jpeg)
দলটোৰ এই দুৰৱস্থাৰ মূলতে ভাৰতীয় বলাৰৰ বিধ্বংসী বলিং আক্ৰমণ। মেচখনত ভাৰতৰ হৈ কুলদীপ যাদৱে সৰ্বাধিক ৪টা উইকেট দখল কৰে। একেদৰে শিৱম ডুবে ৩টা আৰু বুমৰাহ, অক্ষৰ পেটেল আৰু বৰুণ চক্ৰৱৰ্তীয়ে ১টাকৈ উইকেট দখল কৰি ইউ এ ইৰ আশাত চেঁচাপানী ঢালে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/10/whatsa-2025-09-10-22-45-52.jpeg)
ইফালে সহজ বিজয় লক্ষ্য আগত লৈ ভাৰতে মাত্ৰ ৪.৩ অ’ভাৰতে ১টা উইকেট হেৰুৱাই বিজয় সাৱ্যস্ত কৰে। ভাৰতৰ হৈ অভিষেক শৰ্মাই ৩০, শুভমন গীল অপৰাজিত ২০ আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱে অপৰাজিত ৭ ৰানৰ বৰঙণি যোগায়। কুলদীপ যাদৱে প্লেয়াৰ অৱ দা মেচৰ সন্মান লাভ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us